গুৱাহাটী, 4 জানুৱাৰী : অসম গৌৰৱ চাহ উদ্যোগ এইবাৰ বিশেষভাৱে উজ্বলিব দিল্লীত । সমাগত ৭2 সংখ্যক গণৰাজ্য দিৱসৰ পেৰেডত অসমৰ প্ৰতীকপট হিচাপে প্ৰদৰ্শিত হ'ব চাহ উদ্যোগ । ইতিমধ্যে, ইয়াৰ বাবে যাবতীয় প্ৰস্তুতি আৰম্ভ কৰা হৈছে ।
অসমৰ চাহ শিল্পক প্ৰতীকিৰূপত দেশ তথা বিশ্ববাসীক পৰিচয় কৰোৱাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্রালয়েও আগন্তুক গণৰাজ্য দিৱসত চাহ শিল্পক অসমৰ প্ৰতীকপট হিচাপে প্ৰদৰ্শনৰ অনুমতি প্ৰদান কৰিছে ৷
উল্লেখযোগ্য যে, গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত উপস্থিত থাকিব ব্ৰিটেইনৰ প্ৰধানমন্ত্রী বৰিছ জনচন ৷ আনহাতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধ তথা বাংলাদেশ জন্মৰ 50 বৰ্ষপূৰ্তি উপলক্ষে এইবেলি পেৰেডত অংশগ্ৰহণ কৰিব বাংলাদেশ স্থলসেনাৰ এটা প্ৰতিনিধি দল ৷ ক’ভিডৰ বাবে এইবাৰ পেৰেডত অংশগ্ৰহণ কৰিবলগীয়া দলসমূহৰ সংখ্য়া কমাই দিয়া হৈছে ৷ ইপিনে, ক'ভিড প্ৰটক'লৰ মাজেৰে আগন্তুক গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী পালন কৰা হ'ব বুলি কেন্দ্ৰীয় চৰকাৰে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক :বাতৰি কাকত বিলাই ডক্টৰেট ডিগ্ৰী লাভ কৰা এজন লোক...