গুৱাহাটী, ১০ আগষ্ট:ৰাজ্যত আকৌ হত্যাকাণ্ডৰ ঘটনা ৷ এইবাৰ তেজৰ চেকুৰাৰে ৰাঙলী হ’ল গুৱাহাটীৰ বোন্দা আমচাং ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘল ৷ বুধবাৰে দিনৰ ভাগত বোন্দা আমচাং ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘলৰ পৰা উদ্ধাৰ কৰা হৈছে এজন যুৱকৰ মৃতদেহ ৷ স্থানীয় লোকে উল্লেখ কৰা অনুসৰি, ফৰেষ্ট কেম্পৰ সমীপতে থকা ঘন জংঘলৰ কিছু নিলগতে আছে এটা মন্দিৰ ৷ সেই মন্দিৰৰ পূজাৰীগৰাকীয়ে বুধবাৰে দিনৰ প্ৰায় ১১.৩০ বজাত জংঘলৰ মাজত ক্ষত-বিক্ষত অৱস্থাত এটা মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে ৷ তাৰ পাচতে স্থানীয় লোকৰ সহযোগত পূজাৰীগৰাকীয়ে খবৰ দিয়ে স্থানীয় পানীখাইটি আৰক্ষীক ৷
খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ৰক্তাত অৱস্থাত পৰি থকা যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মৃত যুৱকজনৰ নাম নীতেশ কুমাৰ বুলি জানিবলৈ দিয়ে ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, মৃত নীতেশ কুমাৰ হৈছে ভেটাপাৰা মহৰ্ষি বিদ্যা মন্দিৰৰ নৱম শ্ৰেণীৰ ছাত্ৰ ৷ ঘন জংঘলৰ মাজত এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰা ঘটনাক লৈ সমগ্ৰ অঞ্চলটোতে এক তীব্ৰ চাঞ্চল্যই বিৰাজ কৰে ৷
ইফালে আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, এই নৃশংস ঘটনাক লৈ সৃষ্টি হোৱা চাঞ্চল্যৰ মাজতে বুধবাৰে দিনৰ প্ৰায় ২.৩০ বজাত নীতেশ কুমাৰৰ পিতৃ লৈ অচিনাক্ত নম্বৰৰ পৰা এটা ফোন কল আহে । ফোনৰ সিটো মূৰৰ পৰা এজন যুৱকে নীতেশ কুমাৰক অপহৰণ কৰা বুলি উল্লেখ কৰি ৭ লাখ টকা মুক্তি পন বিচাৰে । অন্যথা তেওঁৰ পুত্ৰক হত্যা কৰা হ’ব বুলিও ভাবুকি প্ৰদান কৰে ।