গুৱাহাটী, 13 এপ্ৰিল : অসমৰ চাহ উদ্যোগৰ ২০০ বছৰীয়া জয়ন্তী উদযাপন কৰি থকাৰ সময়তে চাহ উদ্যোগলৈ অশনি সংকেত নামি আহিছে । উল্লেখযোগ্য যে, ৰাজ্যৰ অৰ্থনৈতিক বিকাশত চাহ উদ্যোগৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে । চাহ উদ্যোগৰ লগত বহু মানুহৰ জীৱিকা নিৰ্ভৰ হৈ আছে । চাহ বাগিচাৰ সংখ্যা বা চাহ খেতি কৰা মাটিৰ পৰিমাণ বাঢ়িছে যদিও বছৰি চাহ উৎপাদন হ্ৰাস পাবলৈ ধৰিছে ।
চৰকাৰী তথ্য মতে, ২০১৭ চনত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাসহ ৰাজ্যত মুঠ চাহ বাগিচা আছিল ৮৮, ৪৪২ খন । ২০২২ বৰ্ষত সেই সংখ্যা বৃদ্ধি পালে ১,২২,৪৪০ খনলৈ । ২০১৭ চনত ৰাজ্যত চাহ খেতি কৰা মাটিৰ পৰিমাণ আছিল ৩.১৪ লাখ হেক্টৰ । ২০২২ চনত সেই পৰিমাণ বাঢ়িল ৩.৪৭ লাখ হেক্টৰলৈ । চাহ বাগিচা, চাহ খেতি কৰা মাটিৰ পৰিমাণ বাঢ়িল যদিও উৎপাদন আৰু উৎপাদিকা শক্তি পূৰ্বৰ তুলনাত অভাৱনীয়ভাৱে হ্ৰাস পালে ।
২০১৭ চনত ৰাজ্যত চাহ উৎপাদন হৈছিল ৬৬.৫৩ কোটি কিলোগ্ৰাম । হেক্টৰে প্ৰতি উৎপাদিকা আছিল ২১১৯ কিলোগ্ৰাম । কিন্তু ২০২২ চনৰ আগষ্ট পর্যন্ত চাহ উৎপাদন হ’ল ৩৯.২৮ কোটি কিলোগ্ৰাম । পূৰ্বৰ তুলনাত হেক্টৰে প্ৰতি উৎপাদিকা হ্ৰাস পাই হ'লহি ১১৩২ কিলোগ্ৰাম । এনেদৰে চাহ বাগিচা আৰু চাহ খেতি কৰা মাটিৰ পৰিমাণ বঢ়াৰ পাছতো উৎপাদন নাবাঢ়িলে ৰাজ্যৰ অর্থনীতি ক্ষতিগ্ৰস্ত হ'ব বুলি বিশেষজ্ঞসকলে আশংকা প্ৰকাশ কৰিছে । যোৱা 16 মাৰ্চত প্ৰকাশিত অসমৰ অৰ্থনৈতিক সমীক্ষাত চাহ খণ্ডৰ অৱস্থা শোচনীয় ছবি প্ৰকাশ পাইছে (Assam tea industry is in bad condition) ।