গুৱাহাটী,4 মাৰ্চ:আঞ্চলিকতাবাদৰ প্ৰতি আস্থা প্ৰদৰ্শন কৰি বৃহস্পতিবাৰে চাহ জনগোষ্ঠীয় কেইবাগৰাকীও শীৰ্ষ নেতাই অসম জাতীয় পৰিষদত যোগদান কৰে। দলৰ সভাপতি লুৰিণজ্যোতি গগৈৰ উপস্থিতিত জাতীয় পৰিষদৰ মুখ্য কাৰ্যালয়ত আয়োজিত এখন সভাত সদৌ অসম চাহ জনজাতীয় ছাত্ৰ সন্থাৰ (আটছা) কেন্দ্রীয় কাৰ্যনিবাহক সদস্য অজয় তাঁতী, সংগঠনটোৰ তেজপুৰ জিলা সমিতিৰ উপ-সভাপতি উইনষ্টন চোনা আৰু ৰঙাপানী শাখাৰ সাংগঠনিক সম্পাদক প্ৰলয় ইয়াল আৰু সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সাধাৰণ সম্পাদক প্ৰহ্লাদ তাঁতীয়ে অসম জাতীয় পৰিষদত যোগদান কৰে ।
চাহ জনগোষ্ঠীয় নেতাৰ অসম জাতীয় পৰিষদত যোগদান - লুৰিণজ্যোতি গগৈ
বৃহস্পতিবাৰে আটছাকে ধৰি চাহ জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ নেতাই যোগদান কৰে এজেপিত। নেতা কেইগৰাকীয়ে এজেপিত যোগদান কৰিয়ে ক্ষোভ উজাৰে বিজেপিৰ বিৰুদ্ধে।
দলটোৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা, উপ-সভাপতি বলেন ভৰালী আৰু প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমানৰ উপস্থিতিত আয়োজিত সভাখনত এন এছ ইউ আইৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আব্দুল বাতেন শিকদাৰ আৰু পাথাৰকান্দি মণ্ডল কংগ্ৰেছৰ সভাপতি হাজী আব্দুল চৌধুৰীয়েও জাতীয় পৰিষদত যোগদান কৰে । সভাৰ অন্তত নিজৰ চমু ভাষণত আটছাৰ সদ্য প্ৰাক্তন নেতা অজয় তাঁতীয়ে কয় যে, বিজেপিয়ে মাত্ৰ ৩ হাজাৰ টকা বিলাই অসমৰ এক কোটি চাহ জনগোষ্ঠীয় লোকক কিনি পেলোৱা বুলি ভাবিছে । এইটোৱেই এইবাৰ তেওঁলোকৰ পৰাজয়ৰ মূল কাৰণ হ'ব ।
ইফালে এজেপিৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰা সকলোকে সভাপতি লুৰিণজ্যোতি গগৈয়ে দললৈ আদৰণী জনায় ।
লগতে পঢ়ক:সমাগত নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদানক লৈ ডিব্ৰুগড়ত আটছাৰ সংবাদ মেল