অসম

assam

ETV Bharat / state

Ahomland Demand: আহোমলেণ্ড ঘোষণা নকৰিলে কৰিব ভোট বৰ্জন, ৰাজনৈতিক দল গঠনৰো যো-জা আহোম সংগঠনৰ - টাই আহোম যুৱ পৰিষদ

আহোমলেণ্ড, জনজাতিকৰণ, স্বায়ত্তশাসন বিচাৰি পুনৰ প্ৰতিবাদত বহিল টাই আহোম যুৱ পৰিষদ ৷ 2024 চনৰ লোকসভা নিৰ্বাচন আৰু 2026 চনৰ অসমত বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত আহোমলেণ্ড ঘোষণাৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ৷ ইফালে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে 11 টাকৈ আহোম সংগঠনে মিলি ৰাজনৈতিক দল গঠন কৰাৰো চিন্তা চর্চা কৰা বুলি প্ৰতিবাদকাৰীসকলে জানিবলৈ দিয়ে ৷

Ahomland Demand
গুৱাহাটীত টাইপাৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 5:20 PM IST

গুৱাহাটীত টাইপাৰ প্ৰতিবাদ

গুৱাহাটী, ৮ অক্টোবৰ :শনিবাৰে আহোমলেণ্ড, জনজাতিকৰণ, স্বায়ত্তশাসনৰ দাবীত টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত গুৱাহাটীৰ চচলৰ ধৰ্ণাস্থলীত বিক্ষোভ প্ৰদর্শন কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা প্ৰতিবাদকাৰীসকলে হাতে হাতে বিভিন্ন দাবী সম্বলিত বেনাৰ প্লে’কাৰ্ড লৈ চৰকাৰবিৰোধী শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

প্ৰতিবাদকাৰীসকলে আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচন আৰু 2026 চনৰ অসমত বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকক্ষণত টাই আহোমক জনজাতিৰ মৰ্যাদা আৰু স্বায়ত্তশাসন প্ৰদানৰ লগতে অসমখনৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে পৃথক ৰাজ্য হিচাবে উজনি অসম (শৰাইঘাটৰ যুদ্ধত মোমাইকটা গড়ৰ সীমাৰ পৰা শদিয়ালৈকে) ‘আহোমলেণ্ড’ ঘোষণা কৰিবলৈ দাবী জনায় ৷ সংবাদ মাধ্যমৰ আগত টাইপাৰ নেতৃবৃন্দই কয়- ‘‘আহোমলেণ্ড, জনজাতিকৰণ লগতে স্বায়ত্তশাসন প্ৰদানৰ বাবে ভাৰত চৰকাৰ তথা অসম চৰকাৰক বাৰম্বাৰ দাবী জনাই অহাৰ পাচতো এইক্ষেত্ৰত চৰকাৰে আজি পৰ্যন্ত কোনোধৰণৰ সঁহাৰি প্ৰদান কৰা নাই ৷ অলপতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ লগতো এই সন্দৰ্ভত এলানি আলোচনাত মিলিত হৈছিলো । কিন্তু এতিয়ালৈকে কোনোধৰণৰ ইতিবাচক সঁহাৰি লাভ কৰা নাই । যদিহে চৰকাৰে আমাৰ দাবীৰ প্ৰতি সঁহাৰি নিদিয়ে তেন্তে আগন্তুক নিৰ্বাচনত ভোট বৰ্জনৰ দৰে কঠোৰ সিদ্ধান্ত ল’বলৈ বাধ্য হ’ম ।’’

আনহাতে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত আগন্তক ২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে 11 টাকৈ আহোম সংগঠনে মিলি বিকল্প ৰাজনৈতিক দল গঠন কৰাৰ বাবে চিন্তা-চর্চা কৰা বুলিও জানিবলৈ দিয়ে সংগঠনটোৰ নেতৃবৃন্দই । সেই অনুসৰি 11 টাকৈ আহোম সংগঠনে মিলি অক্টোবৰ মাহৰ শেষৰফালে গুৱাহাটীত ৰাজনৈতিক অভিৱৰ্তন অনুষ্ঠিত কৰি ৰাজনৈতিক দল গঠনৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিব ৷

লগতে পঢ়ক:MLA Nurul Huda : ৰাৱণে বোলে সীতাৰ বস্ত্ৰহৰণ কৰিছিল ! ৰামায়ণৰ নতুন ব্যাখ্যা বিধায়ক নুৰুল হুদাৰ

ABOUT THE AUTHOR

...view details