অসম

assam

By

Published : May 1, 2022, 10:50 AM IST

ETV Bharat / state

ৰাজ্যৰ প্ৰতিখন শিক্ষানুষ্ঠানৰ বাবে বাধ্যতামূলক হ'ব টাস্ক ফ'ৰ্চ

নতুন শিক্ষানীতিৰ প্ৰয়োগ সন্দৰ্ভত উচ্চ শিক্ষা সঞ্চালকালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা (Important guidelines of directorate of higher education) । ৰাজ্যৰ প্ৰতিখন ৰাজ্যিক, ব্যক্তিগত বিশ্ববিদ্যালয় আৰু চৰকাৰী-বেচৰকাৰী মহাবিদ্যালয়ে গঠন কৰিব লাগিব টাস্ক ফ’ৰ্চ ।

Important guidelines of directorate of higher education regarding application of new education policy
প্ৰতিখন শিক্ষানুষ্ঠানৰ বাবে বাধ্যতামূলক হ'ব টাস্ক ফ'ৰ্চ

গুৱাহাটী, 1 এপ্রিল :নতুন শিক্ষা নীতিৰ প্ৰয়োগ সন্দৰ্ভত ৰাজ্যৰ উচ্চ শিক্ষা সঞ্চালকালয়ৰ গুৰুত্বপূৰ্ণ নির্দেশনা জাৰি (Important guidelines of directorate of higher education)। ৰাজ্যৰ প্ৰতিখন ৰাজ্যিক, ব্যক্তিগত বিশ্ববিদ্যালয় আৰু চৰকাৰী-বেচৰকাৰী মহাবিদ্যালয়ে গঠন কৰিব লাগিব এই টাস্ক ফ’ৰ্চ । উচ্চ শিক্ষা সঞ্চালকে ৰাজ্যৰ প্রতিখন উচ্চ শিক্ষা প্রতিষ্ঠানৰ পঞ্জীয়ক, অধ্যক্ষলৈ জাৰি কৰা হৈছে এই নির্দেশনা (Task Force is mandatory for Assam educational institutions)।

প্রতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত তিনিজনীয়া টাস্ক ফৰ্চ গঠন হ’ব লাগিব । ইয়াৰে এজন সমন্বয়কৰ দায়িত্বত থাকিব । সংশ্লিষ্ট উচ্চ শিক্ষানুষ্ঠানত নতুন শিক্ষানীতি প্ৰৱৰ্তনৰ ক্ষেত্ৰত টাস্ক ফৰ্চৰ গুৰুত্ব থাকিব । বিশেষকৈ চৰকাৰে গ্ৰহণ কৰা সকলো সিদ্ধান্ত কার্যকৰীকৰণৰ ক্ষেত্ৰত বিশেষ দায়িত্ব বহন কৰিব টাস্ক ফ’ৰ্চে ।

তদুপৰি উচ্চ শিক্ষা সঞ্চালকালয়ৰ সৈতে টাস্ক ফ’ৰ্চে সমন্বয় আৰু যোগাযোগ ৰক্ষা কৰি সংশ্লিষ্ট শিক্ষানুষ্ঠানত নতুন শিক্ষানীতি কার্যকৰীকৰণৰ সকলো দিশ পর্যবেক্ষণ কৰিব ।

ইফালে, ৰাজ্যৰ প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে টাস্ক ফ’ৰ্চ গঠন কৰি টাস্ক ফ’ৰ্চৰ সদস্যসমূহৰ নাম, ম'বাইল নম্বৰ, ই-মেইল আদি সকলো তথ্য উল্লেখ কৰি উচ্চ শিক্ষা সঞ্চালকালয়ক অৱগত কৰিব লাগিব । উল্লেখ্য যে, উচ্চ শিক্ষা সঞ্চালকালয়ে ২ মে'ৰ ভিতৰত প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ক এই টাস্ক ফ’ৰ্চ গঠন কৰিবলৈ স্পষ্ট নির্দেশ দিয়া হৈছে ।

লগতে পঢ়ক :জেবি কলেজলৈ চাইকেল চলাই, জাপি পিন্ধি যোৱাৰ সময়ক সুঁৱৰিলে জুবিন গাৰ্গে

ABOUT THE AUTHOR

...view details