অসম

assam

ETV Bharat / state

মোদীৰ আত্মনিৰ্ভৰশীল আঁচনি জুমলা হ'ব : তৰুণ গগৈ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰশীল ভাৰত সংকল্পৰ বাবে ২০ লাখ কোটি টকাৰ পেকেজ ঘোষণা কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে । বুধবাৰে এক সংবাদমেল সম্বোধন কৰি গগৈয়ে কয় যে, আত্মনিৰ্ভৰশীল আঁচনি জুমলা হ'ব ।

tarun gogoi said that modi's self dependent policy will be jumla
tarun gogoi said that modi's self dependent policy will be jumla

By

Published : May 13, 2020, 4:50 PM IST

গুৱাহাটী, 13 মে' :কৰ'ণা ভাইৰাছৰ ত্ৰাসৰ বাবে দেশত অব্যাহত থকা লক্ ডাউনৰ ফলত দেশৰ অৰ্থনীতি বিধস্ত হৈ পৰাত মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আত্মনিৰ্ভৰশীল ভাৰত সংকল্প বাস্তৱত ৰূপত ৰূপায়ন কৰিবলৈ ২০ লাখ কোটি টকাৰ এক পেকেজ ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই পেকেজ বিজেপি চৰকাৰৰ আঁচনি সমূহৰ দৰে জুমলা হ'ব বুলি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

গগৈয়ে মোদী চৰকাৰক আক্ৰমণ কৰি কয় যে, বিজেপি চৰকাৰৰ পূৰ্বৰে পৰা বহু আঁচনি আছে কিন্তু তেওঁলোকৰ কোনখন আঁচনিৰ অধীনত ৰাইজ উপকৃত হৈছে বুলি প্ৰশ্ন কৰে। দেশৰ অৰ্থনৈতিক অৱস্থা সন্দৰ্ভত গগৈয়ে কয় যে, দেশৰ অৰ্থনীতি আজি দুই-তিনি বছৰ পূৰ্বৰ পৰাই বিধ্বস্ত হৈ আছে, কৰ'ণাই দেশৰ অৰ্থনীতি অধিক জুৰুলা কৰিছে। এতিয়া চৰকাৰে দেশৰ অৰ্থনৈতিক অৱস্থা সবল কৰিবলৈ আমাক বন্ধকত ৰাখি ঋণ ল'ব লাগিব, চৰকাৰে কৰপৰা আৰু কিমান ঋণ ল'ব এই সম্পৰ্কে সকলো অজ্ঞাত, গোটেই ছবিখন এতিয়াও অন্ধকাৰত আছে আৰু ঋণৰ টকা সুচাৰুৰূপে খৰচ নহয় বুলিও মন্তব্য কৰে গগৈয়ে।

মোদীৰ আত্মনিৰ্ভৰশীল আঁচনি জুমলা হ'ব : তৰুণ গগৈ

গগৈয়ে লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত, শিক্ষা তথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ মাজত সমন্বয় নাই বুলিও মন্তব্য প্ৰকাশ কৰিছে । শ্ৰীৰামপুৰলৈ সোণোৱালো গৈছে হিমন্ত বিশ্ব শৰ্মাও গৈছে। ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ বাবে ৰাজ্য চৰকাৰে কেন্দ্ৰ চৰকাৰৰ পৰা অনুধান বিচৰা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

লগতে পঢ়ক :চাকৰি হেৰুৱালে দেশৰ ২.৭ কোটি যুৱপ্ৰজন্মই !

ABOUT THE AUTHOR

...view details