গুৱাহাটী, ১৩ মাৰ্চ:"বিজেপি হৈছে এক ধৰণৰ কৰ'ণা ভাইৰাছ । সমাজখন ধ্বংস কৰিছে বিজেপিয়ে ।" এই মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ । ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ উমৈহতীয়া প্ৰাৰ্থী অজিত কুমাৰ ভূঞাৰ মনোনয়ন দাখিলৰ সময়ত ভূঞাক সংগ দিয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে শুকুৰবাৰে সাংবাদিকৰ আগত বিজেপি সন্দৰ্ভত এইদৰে তীৰ্যক মন্তব্য কৰে ।
বিজেপিক কৰ'ণা ভাইৰাছ আখ্যা তৰুণ গগৈৰ - বিজেপিয়ে সমাজখন ভাগ ভাগ কৰি ধ্বংস কৰিছে
বিজেপিয়ে সমাজখন ভাগ ভাগ কৰি ধ্বংস কৰিছে বুলি মন্তব্য কৰি গগৈয়ে কয় যে "বিজেপি হৈছে এক ধৰণৰ কৰ'ণা ভাইৰাছ । সমাজখন ধ্বংস কৰিছে বিজেপিয়ে ।"
TARUN GOGOI SAID BJP IS LIKE CORONA VIRUS
বিজেপিয়ে সমাজখন ভাগ ভাগ কৰি ধ্বংস কৰিছে বুলি মন্তব্য কৰি গগৈয়ে কয় যে অজিত ভূঞা কোনো দলৰ নহয়, সকলোৰে প্ৰাৰ্থী । সৌ সিদিনালৈকে "হু ইজ বদৰুদ্দিন" বুলি বুঢ়া আঙুলি দেখুওৱা তৰুণ গগৈয়ে আজি পুনৰ এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয় যে আজমলৰ সৈতে তেওঁৰ কোনো শত্ৰুতা নাই । এয়া হেনো বিজেপিৰহে অপপ্ৰচাৰ । আনহাতে, এ আই ইউ ডি এফৰ কংগ্ৰেছৰ সৈতে এই বন্ধুত্ব ২০২১ তো অটুট থাকিব বুলি মন্তব্য কৰে বজৰুদ্দিন আজমলে ।
লগতে পঢ়ক :