গুৱাহাটী, 3 ফেব্ৰুৱাৰীঃ ১ ফেব্ৰুৱাৰী তাৰিখে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে মোডী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট দাখিল কৰাৰ পিছত সোমবাৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কেন্দ্ৰ চৰকাৰক তীব্ৰ সমালোচনা কৰে । তৰুণ গগৈয়ে সংবাদমেল যোগে কয় যে, বৰ্তমান দেশৰ অৰ্থনৈতিক যি দুৰৱস্থা, এনে ক্ষেত্ৰত ৰাইজে এই বাজেটখনকলৈ বহু আশা কৰিছিল । ৰাইজে এই বাজেটখনৰ দ্বাৰা কিছু সকাহ পাব বুলি ভাবিছিল যদিও এই বাজেটখনকলৈ ৰাইজ অসন্তুষ্ট ।
দেশৰ অৰ্থনৈতিক অৱস্থাৰ উপযুক্ত চিকিৎসা প্ৰদানত ব্যৰ্থ হৈছে কেন্দ্ৰৰ মোডী চৰকাৰ: তৰুণ গগৈ - কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমন
দেশৰ অৰ্থনৈতিক অৱস্থাৰ উপযুক্ত চিকিৎসা প্ৰদানত ব্যৰ্থ হৈছে কেন্দ্ৰৰ মোডী চৰকাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অৰ্থনীতিৰ চিকিৎসাৰ বাবে দায়িত্ব প্ৰদান কৰা চিকিৎসক গৰাকী অনুপযুক্ত । দেশৰ বর্তমানৰ অৰ্থনৈতিক অৱস্থাক লৈ মোডী চৰকাৰক এইদৰে আক্ৰমণ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ।
গগৈয়ে মোডী চৰকাৰক আক্ৰমণ কৰি কয় যে দেশৰ অৰ্থনীতিক লৈ নৰেন্দ্ৰ মোডী সম্পূৰ্ণ ব্যৰ্থ । বৰ্তমান দেশৰ অৰ্থনীতিত লগা বেমাৰৰ চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম নহয় মোডী চৰকাৰ । বেমাৰৰ উপযুক্ত পৰীক্ষা নকৰাকৈ চিকিৎসা প্ৰদান কৰা হৈছে । উপযুক্ত চিকিৎসা নহ'লে এই বেমাৰ অধিক ভয়াৱহ হ'ব । মোডীয়ে দেশৰ অৰ্থনীতিৰ চিকিৎসা প্ৰদান কৰিবলৈ যিগৰাকী চিকিৎসকক দায়িত্ব প্ৰদান কৰিছে তেওঁ সম্পূৰ্ণ অনুপযুক্ত চিকিৎসক বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধী আন্দোলন পূৰ্বৰ তুলনাত কিছু হ্ৰাস পোৱা বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত গগৈয়ে কয় ,আন্দোলন কিছু কমিছে যদিও অসমীয়া ৰাইজৰ মনত ক্ষোভ কিন্তু কমা নাই ৷ এই ক্ষোভৰ প্ৰভাৱ ২০২১ৰ বিধানসভা নিৰ্বাচনত পৰিলক্ষিত হ'ব বুলিও কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃ সমন্বয়ৰ অন্যন্য নিৰ্দশন শংকৰদেৱ সংঘৰ অধিৱেশনস্থলী