গুৱাহাটী,23মেঃ জৈৱ বৈচিত্ৰৰে ভৰপূৰ দিহিং পাটকাইত মুক্ত কয়লা অনুমতি প্ৰদানৰ কাৰ্যৰ বিৰুদ্ধে পুণৰ সৰৱ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ। শুকুৰবাৰে আন্তৰ্জাতিক জৈৱ বৈচিত্ৰ দিৱসত দেশৰ পৰিৱেশ আৰু বন মন্ত্ৰী প্ৰকাশ জাভেদকাৰে দেশৰ জৈৱ বৈচিত্ৰসমূহ আৰু বনাঞ্চল সংৰক্ষণৰ কথা কৈছিল।
দিহিং পাটকাই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্থিতিত সন্তুষ্ট নহয়ঃ তৰুণ গগৈ - প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ
দিহিং পাটকাই সৰ্ন্দভত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰি কয়লা খনৰ বিৰোধিতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্য সময়োপযোগী বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কিন্তু সেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে অসমৰ বনাঞ্চল ধ্বংস ক্ষেত্ৰত কিয় অনুমতি প্ৰদান কৰিছে বুলি প্ৰশ্ন প্ৰাক্তন মুখ্য মন্ত্ৰীগৰাকীৰ। দিহিঙৰ বুকুত কয়লা খননৰ চৰকাৰৰ এই সিন্ধান্ত প্ৰত্যাহাৰ কৰাৰ দাবী জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভেদকাৰলৈ এখন পত্ৰ প্ৰেৰণ কৰাৰ কথাও জানিবলৈ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়কঃ চুমনি মথাউৰিৰ স্থায়ী সমাধান বিচাৰি কলিতা জনগোষ্ঠী যুৱ ছাত্ৰ পৰিষদৰ হুমকা