অসম

assam

By

Published : Dec 31, 2019, 6:59 PM IST

ETV Bharat / state

2019 বৰ্ষটো অসমৰ বাবে দুৰ্ভাগ্যৰ বছৰঃ তৰুণ গগৈ

11 ডিচেম্বৰৰ দিনটো অসমৰ ইতিহাসত ক’লা দিন হিচাপে চিহ্নিত হৈ ৰ’ব বুলি উল্লেখ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷ 2019 ৰ শেষৰ ফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিছে বুলিও কটাক্ষ কৰে গগৈয়ে ৷

Tarun gogoi pressmeet on last day of 2019
বছৰটোৰ শেষত তৰুণ গগৈৰ সংবাদমেল

গুৱাহাটী, 31 ডিচেম্বৰঃনৱবৰ্ষৰ প্ৰাকমুহূৰ্তত তথা বছৰটোৰ শেষত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ সংবাদমেল সম্বোধন ৷ অসমীয়া সাহিত্য-সংস্কৃতিৰ চিৰ সাধক ৰত্ন ওজাৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ তৰুণ গগৈৰ ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে 2019 বৰ্ষটো অসমৰ বাবে দুৰ্ভাগ্যৰ বছৰ বুলি অভিহিত কৰে ৷ লগতে 11 ডিচেম্বৰৰ দিনটো অসমৰ ইতিহাসত ক’লা দিন হিচাপে চিহ্নিত হৈ ৰ’ব বুলি উল্লেখ কৰে ৷ আনহাতে নাগৰিকত্ব আইনৰ বিৰুদ্ধে চলি থকা স্বতঃস্ফূৰ্ত আন্দোলন এক শুভ লক্ষণ বুলিও তেওঁ মন্তব্য প্ৰদান কৰে ৷ ইয়াৰোপৰি প্ৰতিবাদ কেৱল অসমতেই সীমাবদ্ধ হৈ থকা নাই ই সমগ্ৰ দেশতেই বিয়পি পৰিছে ৷ কিন্তু তথাপিও কেন্দ্ৰীয় চৰকাৰৰ এতিয়ালৈ গা লৰা নাই ৷ এই আইনৰ পৰা অসমৰ দুগুণ ক্ষতি হ’ব বুলিও তেওঁ উল্লেখ কৰে ৷

বছৰটোৰ শেষত তৰুণ গগৈৰ সংবাদমেল

ইফালে 2019 ৰ শেষৰ ফালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিছে ৷ একালৰ সতীৰ্থ সমুজ্জল কুমাৰ ভট্টাচাৰ্যইও এতিয়া সৰ্বানন্দক হত্যাকাৰী বুলি কৈছে বুলি কটাক্ষ কৰে ৷ আনহাতে এই আন্দোলনত নিহত 5 জনকৈ লোকৰ মৃত্যুৰ ঘটনাৰ ন্যায়িক তদন্তৰ বাবে প্ৰয়োজনত ন্যায়ালয়লৈ যাবলৈ সাজু বুলি তৰুণ গগৈয়ে উল্লেখ কৰে ৷

আৰু পঢ়কঃধেমাজিত গায়ন বায়নসহ ঢোল-তাল বজাই CAA বিৰোধী প্ৰতিবাদী সমদল

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details