গুৱাহাটী, 2 ডিচম্বৰ: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আজি এক সংবাদমেল সম্বোধন কৰি বিজেপিক কটু বাক্যৰে সমালোচনা কৰে ৷ 'বিজেপিয়ে জ্বলা জুইত অধিক ঘিঁউ ঢলাৰ দৰে অসমত অধিক অশান্তি সৃষ্টি কৰাৰ চেষ্টা চলাইছে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
'বিজেপিয়ে জ্বলা জুইত অধিক ঘিঁউ ঢলাৰ দৰে অসমত অধিক অশান্তি সৃষ্টি কৰাৰ অভিযোগ গগৈৰ মতে, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ উন্নয়নৰ লগতে বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত যিদৰে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল তেনে পদক্ষেপ গ্ৰহণ নকৰাটো সোণোৱালৰ দুৰ্বলতা ৷
ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ নকৰাটো সোণোৱালৰ দুৰ্বলতা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ গৌৰৱ কৰা অমিত শ্বাহে এতিয়া ওলোটা খৰ মাৰিছে বুলি কোৱাৰ লগতে নাগৰিকপঞ্জীৰ কাম ৰূপায়নত বিজেপি চৰকাৰ সম্পূৰ্ণ বিফল হৈছে বুলিও কয় ৷
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ গৌৰৱ কৰা অমিত শ্বাহে এতিয়া ওলোটা খৰ মাৰিছে অসমত বসবাস কৰা লোকৰ ক্ষেত্ৰতেই নাগৰিকপঞ্জী সফলতাৰে ৰূপায়ন কৰাত বিফল হোৱা চৰকাৰখনে সমগ্ৰ দেশত কেনেকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কাম কৰিব বুলি প্ৰশ্ন কৰে গগৈয়ে ৷ পশ্চিম বংগত তিনিটা বিধানসভা সমষ্টিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ কথা কৈ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপি দল তিনিওটা সমষ্টিতে পৰাজিত হৈছে ৷ ইয়াৰ লগতে সমগ্ৰ দেশতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কৰাত বিজেপি বিফল হ'ব বুলিও আগজাননী দিয়ে ৷
সমগ্ৰ দেশত কেনেকৈ নাগৰিকপঞ্জী ৰূপায়ন কৰিব, প্ৰশ্ন তৰুণ গগৈৰ বিজেপিৰ মন্ত্ৰী সকলক বদনৰ বংশধৰ বুলি কোৱাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদন বৰফুকনকো চেৰাই যাব বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷
বিজেপিৰ মন্ত্ৰী সকলক বদনৰ বংশধৰ আখ্য লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে সৰৱ কটনিয়ান