অসম

assam

ETV Bharat / state

বিগত তিনিটা বছৰে শুই আছিল নেকি অসম চৰকাৰ?

বিধানসভাত চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ দুৰ্নীতি সন্দৰ্ভতো ৰাজ্য চৰকাৰক কটাক্ষ গগৈৰ ৷

By

Published : Nov 29, 2019, 5:38 PM IST

Tarun Gogoi on NRC and Assam Goverment
চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

গুৱাহাটী, 29 নৱেম্বৰঃ এন.আৰ.চি সম্পৰ্কে মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ বিধানসভাত কৰা মন্তব্যৰ বিষয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি তেওঁ কয় যে এন.আৰ.চি যদি নতুনকৈ প্ৰকাশ কৰিব লাগে তেন্তে বিগত তিনিটা বছৰে এই চৰকাৰখন শুই আছিল নেকি ? প্ৰতীক হাজেলাৰ বিৰুদ্ধে যদি দুৰ্নীতিৰ অভিযোগ আছিলেই তেন্তে অসম চৰকাৰে তেওঁক কিয় পঠাই দিলে ? লগতে তেওঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক তীব্ৰ কটাক্ষ কৰি কয় যে দুৰ্নীতিমুক্তৰ কথা কোৱা চৰকাৰখনে বৰ্তমান ৰাজ্যত দুৰ্বাৰ ৰূপত হৈ থকা দুৰ্নীতিৰ ওপৰত একো ব্যৱস্থা লোৱা দেখা নাই ৷ আনহাতে মুখ্যমন্ত্ৰীৰ বিশেষ দায়িত্বত থকা বিষয়া (OSD) প্ৰকাশ কাশ্যপৰ সম্পত্তিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি চি.বি.আই তদন্তৰ দাবী কৰে ৷

চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

ABOUT THE AUTHOR

...view details