অসম

assam

ETV Bharat / state

ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

আৰক্ষী বিষয়াৰ দলক চাৰ্টাৰ্ড বিমানেৰে কোটালৈ পঠিওৱা কাৰ্য অসমৰ বৰ্তমান অৰ্থনীতিৰ বাবে অন্যায় বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

Tarun Gogoi criticize state government
ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

By

Published : Apr 25, 2020, 12:35 PM IST

গুৱাহাটী,25 এপ্ৰিল:কৰ'ণা মহামাৰীয়ে দেশৰ লগতে ৰাজ্যৰ বিত্তীয় অৱস্থা থানবান কৰি পেলোৱাৰ সময়তে ৰাজ্য চৰকাৰে দুখনকৈ হেলিকপ্টাৰ,এখন চাৰ্টাৰ্ড বিমান ব্যৱহাৰ কৰি থকাৰ কাৰণ কি ? অসম চৰকাৰলৈ এই প্ৰশ্ন প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ ৰাজস্থানৰ কোটাত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীসকলক চৰকাৰে ঘূৰাই আনিবলৈ লোৱা সিদ্ধান্ত আদৰণীয় ৷ কিন্তু তেওঁলোকক তাৰ পৰা আনিবলৈ গুৱাহাটীৰ পৰা আৰক্ষী বিষয়াৰ দলক চাৰ্টাৰ্ড বিমানেৰেকোটালৈ পঠিওৱা কাৰ্য অসমৰ বৰ্তমান অৰ্থনীতিৰ বাবে অন্যায় বুলি মন্তব্য প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

যি সময়ত বিত্ত মন্ত্ৰীয়ে নিজেই স্বীকাৰ কৰিছে যে জুন মাহৰ পৰা ৰাজ্যিক কৰ্মচাৰীক দৰমহা আদায় দিয়াত অসুবিধাৰ সৃষ্টি হ'ব পাৰে, তেনে সময়তে এইদৰে ৰাজকোষৰ ধন অপব্যয় কৰা কাৰ্যক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । লগতে অপ্ৰয়োজনীয় ক্ষেত্ৰত ধনৰ অপব্যয় নকৰিবলৈ চৰকাৰলৈ আহ্বান জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ

লগতে পঢকঃ বিগত ২৪ ঘন্টাত ১,৭৫২ গৰাকী কোভিড-১৯ত আক্ৰান্ত : স্বাস্থ্য মন্ত্ৰালয়

ABOUT THE AUTHOR

...view details