অসম

assam

ETV Bharat / state

সৰ্বানন্দ সোণোৱাল জাতীয় শত্ৰু তৰুণ গগৈ - বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাস

অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলত সৰ্বানন্দ সোণোৱালক জাতীয় শত্ৰু আখ্যা তৰুণ গগৈৰ ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসক প্ৰত্যাহ্বান প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷

Tarun gogoi and Assam pradesh congress pressmeet
সৰ্বানন্দ সোণোৱাল জাতীয় শত্ৰুঃ তৰুণ গগৈ

By

Published : Jan 3, 2020, 11:24 PM IST

গুৱাহাটী, 3 ডিচেম্বৰঃ শুকুৰবাৰে মহানগৰীৰ লাষ্টগেটস্থিত হোটেল ৰিভাইৰাত অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল সম্বোধন ৷ উক্ত সংবাদমেলত কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ, বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, বিধায়ক ৰকিবুল হুছেইন তথা অজন্তা নেওগ উপস্থিত থাকে । সৰ্বানন্দ সোণোৱালক জাতীয় শত্ৰু আখ্যা তৰুণ গগৈৰ ৷ ৰাইজৰ কথা নুশুনি একনায়কত্ববাদ চলাই আছে বুলি কটাক্ষ কৰে গগৈয়ে ৷

আনহাতে, চৰকাৰ গঠন হোৱাৰ পূৰ্বে বিদেশী খেদিম বুলি কোৱা ভাৰতীয় জনতা পাৰ্টিয়ে বিদেশীক এতিয়া ৰঙা দলিচা পাৰি দিছে । 1971 ৰ পিচত অহা সকলো বিদেশীক চিনাক্ত কৰি অসমৰ পৰা বহিস্কাৰ কৰিব লাগে আৰু বিজেপিয়ে সদায় দুমুখীয়া স্থিতি লৈছে বুলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

সৰ্বানন্দ সোণোৱাল জাতীয় শত্ৰুঃ তৰুণ গগৈ

তাৰোপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসক প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে প্ৰত্যাহ্বান জনাই কয় যে সাহস আছে যদি 2021 চনত নিজ সমষ্টিৰ পৰা ৰঞ্জিৎ দাস জিকি আহক । আনহাতে হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভত গগৈয়ে কয় যে হিমন্ত পুনৰ মোৰ কাষলৈ নাহে বুলি নকওঁ । হিমন্তই কেতিয়া কি কৰে ঠিক নাই ৷ লগতে 2021ত ৰাজ্যত কংগ্ৰেছে চৰকাৰ গঠন কৰিবই বুলি প্ৰকাশ কৰে তৰুণ গগৈয়ে ।

আৰু পঢ়কঃগৰিয়া-মৰিয়া,দেশীসকলৰ লোকপিয়লৰ বাবে চৰকাৰক আহ্বান বিজেপি নেতা মমিনুল আৱালৰ

ABOUT THE AUTHOR

...view details