গুৱাহাটী, ৭ আগষ্ট :ৰাজ্যত এতিয়া উপ নিৰ্বাচনৰ (By Election) বতাহ জাক বাৰুকৈয়ে বলিছে ৷ কি শাসক কি বিৰোধী সকলোৱে নিজৰ নিজৰ ৰণনীতি তৈয়াৰ কৰিছে ৷ তাৰ মাজতে বিশেষভাৱে চৰ্চা লাভ কৰিছে বিটিআৰৰ (BTR) দুটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনে । দুয়োটা সমষ্টিৰ এটা আছিল বিপিএফৰ দখলত আৰু আনটো আছিল ইউপিপি এলৰ হাতত ।
এই দুই সমষ্টি ক্ৰমে গোঁসাইগাঁও (Gosaigaon Constituency) আৰু তামুলপুৰত (Tamulpur Constituency) অনুষ্ঠিত হ’বলগীয়া উপ নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কংগ্ৰেছ দলে বড়োভূমিত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে তৎপৰ হৈ পৰিছে । সেই অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই (Bhupen Kumar Bora) শনিবাৰে গঠন কৰি দিছে এখন বিশেষ সমিতি ।
এই সমিতিখনে বিটিআৰ অঞ্চলত কংগ্ৰেছ দলক তৃণমূল পৰ্যায়ৰ পৰা সাংগঠনিক ভেটি শক্তিশালী কৰি তোলাৰ বাবে কাম কৰিব । এই সমিতিখনৰ অধ্যক্ষ হিচাপে দায়িত্ব দিয়া হৈছে সাংসদ তথা লোকসভাৰ উপ দলপতি গৌৰৱ গগৈক ।