গুৱাহাটী, ২৮ জানুৱাৰী : পুনৰ অন্ধবিশ্বাসৰ কৱলত গুৱাহাটী (Victims of superstition) ৷ এইবাৰ মহানগৰীৰ বেতকুছিত সংঘটিত এটা অন্ধবিশ্বাসৰ ঘটনা পোহৰলৈ আহিছে । মহানগৰীৰ বেতকুছি শ্মশানত সংঘটিত হৈছে এই ঘটনাটো (Superstition in Guwahati)।
বেতকুছি আঞ্চলিক শ্মশানত নিশাৰ ভাগত পূজা কৰি থাকোতেই সন্দেহ কৰি ৰাইজে হাতে-লোটে ধৰিলে তান্ত্ৰিকৰ লগতে দুজন জ্যোতিষীক (Tantric and astrologer detained) । বহিঃৰাজ্যৰ দুজন তান্ত্ৰিকে বেতকুছি আঞ্চলিক শ্মশানত নিশা উপস্থিত হৈ সমাপন কৰি আছিল যাদু মন্ত্ৰ । স্থানীয় ৰাইজে ঘটনাটো প্ৰত্যক্ষ কৰাৰ পাছতে এই সন্দৰ্ভত সৰৱ হৈ পৰে ৷ আৰু তাৰ পাচতেই ঘটনাস্থলীৰ পৰা ৰাইজে হাতে-লোটে ধৰিবলৈ সক্ষম হয় বহিঃৰাজ্যৰ দুই তান্দ্ৰিকক ৷ দুই তান্দ্ৰিক ক্ৰমে জমু নাথ আৰু মনি শংকৰ মিশ্ৰ বুলি জানিবলৈ পৰা গৈছে ৷ দুয়োজন পশ্চিমবংগৰ বুলি জানিবলৈ পৰা গৈছে (Tantric caught while performing puja at shamshan) ৷
জ্যোতিষী দুজন ড৹ পৰশ মণি শৰ্মা আৰু কৌশিক দাস বুলি জানিবলৈ পৰা গৈছে ৷ আৰক্ষীয়ে দুয়ো গৰাকী জ্যোতিষীক হাতে-লোটে ধৰাৰ লগতে উদ্ধাৰ কৰিবলৈ সক্ষম হয় লক্ষী নন্দন গগৈ নামৰ এজন লোকৰ ফটোৰ লগতে বহুতো আপত্তিজনক সামগ্ৰী ৷ দীঘল চুলি, ক’লা কাপোৰ, পূজাত ব্যৱহৃত ভিন্ন সামগ্ৰীও ভণ্ড তান্ত্ৰিকৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷