অসম

assam

By

Published : Dec 28, 2020, 8:22 PM IST

ETV Bharat / state

বিধানসভা অধিৱেশনৰ প্ৰথমটো দিনত লাষ্টগেটত অৱস্থান ধৰ্মঘট টাইপাৰ

সোমবাৰৰ পৰা অনুষ্ঠিত হোৱা অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত দিছপুৰৰ লাষ্টগেটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কমিটীয়ে ৷ টাই আহোম সকলক অতি শীঘ্ৰে জনজাতিকৰণ কৰাৰ দাবী সংগঠনটোৰ ৷

as_ghy_Tai_ahom_yuva_parisad_protest_at_dispur_last_gate_vis_AS10028
বিধানসভা অধিৱেশনৰ প্ৰথমটো দিনত লাষ্টগেটত অৱস্থান ধৰ্মঘট টাইপাৰ

গুৱাহাটী, 28 ডিচেম্বৰ : সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন ৷ অধিৱেশনৰ প্ৰথমটো দিনতেই দিছপুৰৰ লাষ্টগেটত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় কমিটীয়ে ৷ টাই আহোমসকলক অতিশীঘ্ৰে ভৈয়ামৰ অনুসূচীত জাতিৰ তালিকাত অন্তৰ্ভূক্ত কৰাৰ লগতে স্বায়ত্ব শাসন প্ৰদানৰ দাবীত এই ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে টাইপাই ৷ এই ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দিলীপ গগৈয়ে কয়, বিজেপি দল আৰু চৰকাৰখনে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে নিৰ্বাচনৰ পূৰ্বে টাই আহোম জনগোষ্ঠীটোক ভুৱা প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছে ৷ নিৰ্বাচনৰ পিছত এই সকলো প্ৰতিশ্ৰুতিয়ে ফুটুকাৰ ফেনত পৰিণত হয় ৷ অহা ২৬ জানুৱাৰীৰ পূর্বে যদি টাই আহোমসকলক জনজাতিৰ মৰ্যদা প্ৰদান নকৰে তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনত শাসকীয় দলটোক ইয়াৰ উচিত প্ৰত্যুত্তৰ দিব বুলি হুংকাৰ প্ৰদান কৰে ৷

দিশপুৰ লাষ্টগেটত টাইপাৰ প্ৰতিবাদ

আনহাতে, টাইপাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক দিগন্ত তামুলীয়ে কয়, টাই আহোম সকলক ৰাজনৈতিক, ভূমি আৰু নিয়োগৰ ক্ষেত্ৰত সংৰক্ষণৰ সুবিধাযুক্ত অনুসূচিত জনজাতিৰ মৰ্যদা প্রদানৰ বিকল্প নাই । অসম বিধানসভাত টাই আহোমকে ধৰি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ সপক্ষে সর্বসন্মতিক্রমে প্রস্তাৱ গ্রহণ কৰাৰ পিছতো আজিকোপতি বিষয়টো কেৱল নির্বাচনী প্রতিশ্রুতি হৈ ৰোৱাটোৱে ৰহস্যজনক আৰু অতি পৰিতাপৰ বিষয় বুলি আখ্যা দিয়ে দিগন্ত তামুলীয়ে ৷ সোমবাৰৰ এই ধৰ্ণা কাৰ্যসূচীত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা হৰেণ ফুকন, উপদেষ্টা ননী কুমাৰ গগৈ, যুটীয়া সম্পাদক দীপজ্যোতি দুৱৰাকে ধৰি সংগঠনটোৰ প্ৰায় 3 শতাধিক কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক-দৈজিং মহোৎসৱৰ সকলো কাৰ্যসূচী বাতিল

ABOUT THE AUTHOR

...view details