গুৱাহাটী, আগষ্ট 08 : কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰ কৰি কেন্দ্ৰই বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ পিচত এতিয়া প্ৰশ্ন উঠিছে কেন্দ্ৰীয় চৰকাৰ আৰু এন এছ চি এনৰ মাজৰ নগা চুক্তিক লৈ ৷ 2015 চনৰ 3 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু এন এছ চি এন নেতৃবৃন্দৰ মাজত স্বাক্ষৰিত হৈছিল নগা ফ্ৰেমৱৰ্ক ৷ এই চুক্তিৰ মূল উদ্দেশ্য আছিল গ্ৰেটাৰ নাগালিম গঠন ৷ সেই ফ্ৰেমৱৰ্কত স্পষ্ট ভাবে উল্লেখ কৰা হৈছিল নগা জাতিক সৰ্বোচ্চ সাংবিধানিক অধিকাৰ অৰ্পণ কৰাৰ কথা । কিন্তু কাশ্মীৰৰ পৰা 370 বাতিলৰ পিচত বিজেপি নেতৃত্বই " এক ভাৰত " ৰ ধ্বনি দিবলৈ আৰম্ভ কৰিছে ৷ যদি সেয়াই হয় তেন্তে নগা ফ্ৰেমৱৰ্কৰ দফাবোৰ কি হব সেয়াহে এতিয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন ।
অনুচ্ছেদ 370 য়ে প্ৰভাৱ পেলাব নেকি নগা চুক্তিত : কি কয় টি আৰ জেলিয়াঙে
2015 চনৰ 3 আগষ্টত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত নতুন দিল্লীত কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় আৰু এন এছ চি এন নেতৃবৃন্দৰ মাজত স্বাক্ষৰিত হৈছিল নগা ফ্ৰেমৱৰ্ক ৷ কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ সিদ্ধান্তই নাগালেণ্ডত কোনো প্ৰভাৱ নেপেলাই বুলি ইতিমধ্যে গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু নাগালেণ্ডৰ নৱনিযুক্ত ৰাজ্যপাল আৰ এন ৰবিয়ে স্পষ্ট কৰি দিছে ।
উল্লেখ্য যে, কাশ্মীৰৰ পৰা অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ সিদ্ধান্তই নাগালেণ্ডত কোনো প্ৰভাৱ নেপেলায় বুলি ইতিমধ্যে গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু নাগালেণ্ডৰ নৱনিযুক্ত ৰাজ্যপাল আৰ এন ৰবিয়ে স্পষ্ট কৰি দিছে । কিয়নো নাগালেণ্ডৰ ক্ষেত্ৰত প্ৰযোজ্য হৈ আছে সংবিধানৰ 371 (ক) নং অনুচ্ছেদ । সেই অনুসৰি নাগালেণ্ডে বিশেষ মৰ্যাদা লাভ কৰাৰ লগতে প্ৰথাগত আইন ব্যৱস্থা, ধৰ্মীয় তথা সামাজিক ব্যৱস্থাপনা, প্ৰশাসনীয় নিয়ন্ত্ৰণ, সম্পদৰ ওপৰত অধিকাৰ আদি লাভ কৰি আহিছে । কিন্তু তথাপিও কিছু সন্দিহানত নগা চুক্তি ৷ শেহতীয়াকৈ নাগালেণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী টি আৰ জেলিয়াঙেও এই বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। জেলিয়াঙৰ মতে 370 প্ৰত্যাহাৰৰ বিষয়টোৱে নাগালেণ্ডক একো ক্ষতি নকৰে যদিও সমস্ত বিষয়টো ভালদৰে পৰ্যালোচনাৰ প্ৰয়োজনীয়তা আছে ।