অসম

assam

ETV Bharat / state

AJP Meets Governor: দিছপুৰৰ পৰাই অবৈধ ছিণ্ডিকেট নিয়ন্ত্ৰণ হোৱাৰ চাঞ্চল্যকৰ অভিযোগ এজেপিৰ - AJP President Lurinjyoti Gogoi

ৰাজ্যপালক সাক্ষাৎ অসম জাতীয় পৰিষদৰ নেতৃত্বৰ ৷ ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াক সাক্ষাৎ কৰি কেইবাটাও প্ৰসংগ তেওঁৰ দৃষ্টিগোচৰ কৰে দলটোৱে (AJP Submits Memorandum to Governor) ৷

AJP Submits Memorandum to Governor
ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াক সাক্ষাৎ অসম জাতীয় পৰিষদৰ নেতৃত্বৰ

By

Published : May 21, 2023, 8:34 PM IST

গুৱাহাটী, 21 মে': ৰাজনৈতিক চাতুৰ্যৰে ভাষা-সংস্কৃতিৰ অপকাৰ কৰা তথা ছিণ্ডিকেটৰাজৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰি অবৈধ কাৰ্যকলাপৰ প্ৰতি মৌন সমৰ্থন আগবঢ়োৱাৰ অভিযোগেৰে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে এইবাৰ ৰাজ্যপালৰ ওচৰ পালেগৈ অসম জাতীয় পৰিষদ চমুকৈ এজেপি ৷ দলটোৱে আজি ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াক সাক্ষাৎ কৰি কেইবাটাও প্ৰসংগ ৰাজ্যপালৰ দৃষ্টিগোচৰ কৰে (AJP Submits Memorandum to Governor) ৷

এজেপিয়ে অভিযোগ কৰা মতে, অসমৰ চৰকাৰী চাকৰিত বিশেষকৈ প্ৰাথমিক শিক্ষকৰ পদত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিত উৎসাহিত কৰি ৰাজ্য চৰকাৰখনে এফালে ৰাজ্যৰ নিবনুৱাসকলৰ অধিকাৰ হৰণ কৰিছে ৷ অসমীয়াসহ ৰাজ্যৰ থলুৱা ভাষাসমূহৰ প্ৰতিও বিপদ মাতি আনিছে বুলি দলটোৱে ৰাজ্যপালক অৱগত কৰে ৷

তদুপৰি কয়লা, চুপাৰী, শিল, বালি, কাঠ, গৰু, মাছ, কণী, ব্ৰইলাৰ, কুকুৰা আনকি পাচলি ব্যৱসায়ত চলি থকা অবৈধ ছিণ্ডিকেটৰাজক চৰকাৰে নিয়ন্ত্ৰণ নকৰাৰ বাবেই নকল সোণ আৰু নকল টকাৰ অবৈধ ব্যৱসায়ে অসমত খোপনি পুতিবলৈ সক্ষম হৈছে বুলি তেওঁলোকে উল্লেখ কৰে ৷ যাৰ পৰিণতিত সাহসী আৰক্ষী বিষয়া জোনমণি ৰাভাই প্ৰাণ দিবলগীয়া হয় বুলি দলটোৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৰাজ্যপালক অৱগত কৰে (Syndicates in Assam) ৷

উল্লেখ্য যে, অসমৰ চৰকাৰী চাকৰিত বহিৰাগত প্ৰাৰ্থীক নিযুক্তি দিয়াৰ প্ৰসংগত এইকেইদিন ৰাজ্যত ব্যাপক ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ আনহাতে, ২৫ মে'ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত ৰাজ্য চৰকাৰে নিযুক্তিপত্ৰ বিতৰণ কৰিবলগীয়া চাকৰিসমূহত যাতে অন্য ৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তিপত্ৰ দিয়া নহয়, তাৰ প্ৰতি সচেষ্ট হ'বলৈ অসম জাতীয় পৰিষদকে ধৰি ৰাজ্যৰ কেইবাটাও দল-সংগঠনে ইতিপূৰ্বে সংবাদ মেলৰ জৰিয়তে দাবী উত্থাপন কৰিছে (AJP Meets Governor) ৷

ইফালে, অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুক কেন্দ্ৰ কৰি বিগত দিনকেইটা ৰাজ্যৰ পৰিস্থিতি উত্তাল হৈ আছে ৷ তদুপৰি অসমৰ প্ৰাথমিক বিদ্যালয়ত তৃতীয় শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত প্ৰৱৰ্তন কৰি, তাৰে ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি ইংৰাজী ভাষাত ছপাই চৰকাৰে স্কুলে স্কুলে বিতৰণ কৰাৰ পাচত ৰাজ্যৰ শিক্ষক সংগঠনসমূহে তাৰ বিৰোধিতা কৰি পাঠ্যপুথিসমূহ ওভতাই আনিবলৈ চৰকাৰক আহ্বান জনোৱাৰ বিষয়টোৱেও বিগত দিনকেইটাত সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে ৷ এই তিনিওটা বিষয়ত ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি আজি অসম জাতীয় পৰিষদে ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান কৰে (Assam Jatiya Parishad) ৷

এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ নেতৃত্বত যোৱা সাতজনীয়া প্ৰতিনিধি দলটোৱে ৰাজ্যপাল গোলাপ চান্দ কাটাৰীয়াক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ স্মাৰক পত্ৰত কোৱা হয় যে, নিবনুৱা সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যখনৰ চৰকাৰী চাকৰিত বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি দি ৰাজ্য চৰকাৰে অসমৰ নিবনুৱাসকলৰ অধিকাৰ হৰণ কৰিছে ৷

যদি হিন্দী আৰু বাংলাভাষী স্কুলৰ বাবে উক্ত ভাষা-ভাষী শিক্ষককে নিযুক্তি দিব লাগে তেনেহ'লে অসমৰ বাংলাভাষী আৰু হিন্দীভাষী নিবনুৱাক নিযুক্তি দিয়া হওক ৷ এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বহিৰাগত প্ৰাৰ্থীৰ হকে ওকালতি কৰা কাৰ্যক সমালোচনা কৰি বহিৰাগত প্ৰাৰ্থীসকলৰ নিযুক্তি বাতিল কৰিবলৈ ৰাজ্যপালক এই প্ৰক্ৰিয়াত হস্তক্ষেপ কৰিবলৈ স্মাৰকপত্ৰৰ জৰিয়তে এজেপিয়ে অনুৰোধ জনায় (AJP Leader Meet Governor) ৷

আনহাতে, ৰাজ্যত দীৰ্ঘদিন ধৰি ধৰি চলি অহা কয়লা, চুপাৰি, কাঠ, শিল, বালি, মাছ, কণী, ব্ৰইলাৰ চিণ্ডিকেটৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰিণতিতে আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যু ঘটিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰি স্মাৰক পত্ৰখনত জাতীয় পৰিষদে কয় যে, উক্ত অবৈধ কাৰ্যসমূহ দিছপুৰৰ শক্তিশালী চক্ৰৰ পৃষ্ঠপোষকতাত চলি আহিছে বুলি দলটোৱে দীৰ্ঘদিনৰে পৰা কৈ আহিছে ৷

বিশেষকৈ কয়লা ছিণ্ডিকেট বন্ধৰ দাবীৰে দলটোৱে প্ৰধানমন্ত্ৰীসহ দেশৰ শীৰ্ষ পদপীধাৰী মুৰব্বীসকললৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে ৷ আনকি গুৱাহাটী উচ্চ ন্যায়ালয়ে বিষয়টোত হস্তক্ষেপ কৰি কয়লাৰ অবৈধ খনন আৰু পৰিবহন বন্ধ কৰিবলৈ চৰকাৰক স্পষ্টভাৱে নিৰ্দেশনা দিছে ৷ তৎস্বত্বেও চৰকাৰে এই দিশত একো পদক্ষেপ গ্ৰহণ কৰা নাই ৷ ফলত অবৈধ কাম-কাজ কৰি থকা চক্ৰসমূহে এনে কাম কৰিবলৈ উৎসাহিত হৈ আহিছে (AJP President Lurinjyoti Gogoi) ৷

নকল সোণ আৰু নকল টকাৰ ব্যৱসায়ৰে জড়িত চক্ৰসমূহৰ কাৰণেই জোনমণি ৰাভাৰ দৰে এগৰাকী সাহসী মহিলা আৰক্ষী বিষয়াৰ ৰহস্যজনক পৰিস্থিতিত মৃত্যু হ'বলগীয়া হ'ল বুলি উল্লেখ কৰি দলটোৱে ৰাজ্যপালক অবৈধ ব্যৱসায় আৰু ছিণ্ডিকেট বন্ধৰ ক্ষেত্ৰত নিজাববীয়াকৈ পদক্ষেপ হাতত ল’বলৈ অনুৰোধ জনায় ৷

সেইদৰে চৰকাৰী প্ৰাথমিক বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয়ৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত প্ৰৱৰ্তন কৰি তাৰে ষষ্ঠ শ্ৰেণীৰ পাঠ্যপুথি ইতিমধ্যে বিতৰণ কৰাৰ প্ৰসংগত স্মাৰক পত্ৰ যোগে জাতীয় পৰিষদে কয় যে, এই বিষয়টোক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে স্থানীয় ভাষা বা মাতৃভাষাত শিক্ষা প্ৰদানত উৎসাহিত কৰাৰ প্ৰসংগ উল্লেখ কৰি স্মাৰক পত্ৰখনত দলটোৱে কয় যে, ইংৰাজী পাঠ্যক্ৰম প্ৰৱৰ্তনৰ জৰিয়তে ৰাজ্য চৰকাৰে এফালে ৰাষ্ট্ৰীয় শিক্ষা নীতি উলংঘা কৰিছে আৰু আনহাতে অসমীয়াসহ থলুৱা ভাষাসমূহক দুৰ্বল কৰিছে ৷

গতিকে বিষয়টোত হস্তক্ষেপ কৰি উক্ত ব্যৱস্থা তৎকালে বাতিল কৰিবলৈ স্মাৰকপত্ৰখনৰ জৰিয়তে দলটোৱে ৰাজ্যপালক অনুৰোধ জনায় ৷ ৰাজ্যপালক সাক্ষাৎ কৰা প্ৰতিনিধি দলটোত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ উপৰিও মুখ্য উপদেষ্টা বসন্ত ডেকা, উপ সভাপতি চন্দ্ৰকান্ত দাস আৰু দুলু আহমেদ, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইন উপস্থিত আছিল ৷

লগতে পঢ়ক:Sec 144 imposed in Ghy: গুৱাহাটীত 144 ধাৰা জাৰি; 5 জনতকৈ অধিক লোক সমবেত হোৱাত নিষেধাজ্ঞা

ABOUT THE AUTHOR

...view details