অসম

assam

ETV Bharat / state

গঁড়ৰ সুৰক্ষাৰ বাবে সাঁতুৰিব এলভিছ আলি হাজৰিকাই

আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ 42 কি:মি দৈঘ্যৰ এটা চেনেলত সাঁতুৰিব এলভিছ আলি হাজৰিকাই । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰিলে সাঁতোৰবিদগৰাকীয়ে ৷

By

Published : Sep 21, 2019, 10:54 PM IST

গঁড়ৰ সুৰক্ষাৰ বাবে সাঁতুৰিব এলভিছ আলি হাজৰিকা

গুৱাহাটী, 21 চেপ্তেম্বৰঃ অসমৰ এশিঙীয়া গঁড়ৰ সুৰক্ষাৰ সজাগতাৰ বাবে সাঁতোৰবিদ এলভিছ আলি হাজৰিকাৰ এক বিশেষ পদক্ষেপ । আয়াৰলেণ্ডৰ পৰা স্কটলেণ্ডলৈ 42 কি:মি দৈঘ্যৰ এটা চেনেলত সাঁতুৰিব এলভিছ আলি হাজৰিকাই । শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি এই কথা অৱগত কৰিলে সাঁতোৰবিদ জনে । পশ্চিম বংগৰ ৰিম' সাহা আন এগৰাকী সাঁতোৰবিদৰ সৈতে যুটি বান্ধি সাতোৰ প্ৰদৰ্শন কৰিব এলভিছ আলি হাজৰিকাই ।

উল্লেখ্য যে, দুয়োগৰাকী সাঁতোৰবিদে এই প্ৰদৰ্শন 2020 চনৰ জুলাই মাহত কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে । বিলুপ্ত প্ৰায় এশিঙীয়া গঁড়ৰ সুৰকাক লৈ এলভিছ আলি হাজৰিকাই হাতত লোৱা এই পদক্ষেপ সফল হোৱাৰ কামনা কৰে সচেতন মহলে ৷

গঁড়ৰ সুৰক্ষাৰ বাবে সাঁতুৰিব এলভিছ আলি হাজৰিকা

ABOUT THE AUTHOR

...view details