গুৱাহাটী, ২০ জুলাই :পুনৰ ইতিহাস ৰচিলে অসমৰ তথা গুৱাহাটীৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই । ৰাষ্ট্ৰীয় তথা প্ৰখ্যাত সাঁতোৰবিদগৰাকীয়ে ইংলিচ চেনেল সাঁতুৰি বিশ্বৰ বুকুত অসমৰ নাম উজলাবলৈ সক্ষম হ'ল । এলভিছ আলীৰ এই সফলতাত আনন্দিত অসম তথা ভাৰতবাসী । সাঁতোৰবিদ এলভিছক প্ৰশংসা অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ।
উল্লেখ্য যে অসমৰ সাঁতোৰবিদ এলভিছ আলী হাজৰিকাই ১৯ জুলাইত নৰ্থ চেনেল অতিক্ৰম কৰা প্ৰথমগৰাকী অসমীয়া হিচাপে কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হয় । ৩১ ঘণ্টাত তেওঁ ৭৮ কিলোমিটাৰ সাঁতুৰি এই কৃতিত্ব অৰ্জন কৰে । সাঁতোৰবিদজনৰ এই সফলতাই আনন্দিত কৰি তুলিছে প্ৰতিগৰাকী অসমীয়াক । টুইটাৰত অসমৰ মুখ্য ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ফটো শ্বেয়াৰ কৰি বিশেষ অভিনন্দন জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে লিখিছে যে তেওঁৰ এই বিজয় অসমৰ বাবে গৌৰৱৰ বিষয় । তেওঁ এই সফলতা অসমৰ সকলোৰে অনুপ্ৰেৰণা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে কেইবাটাও দুঃসাহসিক অভিযানেৰে তেওঁ অসমক গৌৰৱান্বিত কৰি থৈছে । তাৰ ভিতৰত ২০২১ চনত ধৰ্মতৰ জেটিৰ পৰা মুম্বাইৰ গেটৱে অৱ ইণ্ডিয়ালৈ সফলতাৰে সাঁতুৰি প্ৰথম গৰাকী অসমীয়া হিচাপে হাজাৰিকাই আন এক অভিলেখ গঢ়ি থৈছে ।