ছুইগীত চলিল খাদ্য সুৰক্ষাৰ অভিযানঃ অনুজ্ঞাপত্ৰ অবিহনে ব্যৱসায়
ছুইগীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে খাদ্য সুৰক্ষা বিভাগৰ অভিযান ৷ অনুজ্ঞাপত্ৰ অবিহনে ব্যৱসায় চলাই আছিল উলুবাৰীস্থিত কাৰ্যালয়ৰ পৰা ৷ কাপোৰৰ ব্যৱসায়ৰ অনুজ্ঞাপত্ৰ লৈ কোম্পানীটোৱে খাদ্যৰ হোম ডেলিভাৰী সেৱা চলাই আছিল
ছুইগীত চলিল খাদ্য সুৰক্ষাৰ অভিযান
গুৱাহাটী, 4 এপ্ৰিলঃ মহানগৰীৰ বাসিন্দাসকলে হয়তো ঘৰতে অৰ্ডাৰ দি ল'ব নোৱাৰিব ৰেষ্টুৰেণ্টৰ খাদ্যৰ সোৱাদ ৷ কিয়নো খাদ্যৰ হোম ডেলিভাৰীৰ সেৱা ছুইগীৰ কাৰ্যালয়ত বৃহস্পতিবাৰে খাদ্য সুৰক্ষা বিভাগে চলায় অভিযান ৷