গুৱাহাটী, 30 জুলাইঃ প্ৰেমিক গোবিন্দ সিংঘালৰ নৃশংস হত্যাৰ বলি হোৱা মেধাৱী ছাত্ৰী শ্বেতা আগৰৱালা হত্যাকাণ্ডৰ মঙলবাৰে চূড়ান্ত ৰায়দান দিলে কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশে ৷ কামৰূপ মহানগৰ জিলা সত্ৰ ন্যায়াধীশ আদালতত 302 ধাৰাত দোষী সাব্যস্ত হয় শ্বেতা আগৰৱালাৰ 3 হত্যাকাৰী ক্ৰমে গোবিন্দ সিংঘাল আৰু তেখেতৰ মাতৃ কমলা সিংঘাল আৰু ভগ্নী ভৱানী সিংঘালক ।
শ্বেতা আগৰৱালাৰ নৃশংস হত্যাকাণ্ডৰ 3 অভিযুক্তক দোষী সাব্যস্ত - ৩ অভিযুক্ত
বুধবাৰে 31 জুলাইত 3 অভিযুক্তৰ শাস্তিৰ ম্যাদ ঘোষণা কৰিব আদালতে ৷ মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব 3 অপৰাধী ৷ উল্লেখ্য 2017 বৰ্ষৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক।
শ্বেতা আগৰৱালা
বুধবাৰে 31 জুলাইত 3 অভিযুক্তৰ শাস্তিৰ ম্যাদ ঘোষণা কৰিব আদালতে ৷ মৃত্যুদণ্ড অথবা যাৱজ্জীৱন কাৰাদণ্ডেৰে দণ্ডিত হ'ব 3 অপৰাধী ৷ উল্লেখ্য যে, 2017 বৰ্ষৰ ৪ ডিচেম্বৰত প্ৰেমিক গোবিন্দ সিংঘালে নৃশংসভাৱে হত্যা কৰিছিল ছাত্ৰী শ্বেতা আগৰৱালক । নিজ ঘৰতে মাতৃ ভগ্নীৰ সহায়ত গোবিন্দই হত্যা কৰিছিল শ্বেতাক । অৱশেষত স্বতিৰ নিশ্বাস লৈছে দুৰ্ভগীয়া ছাত্ৰীগৰাকীৰ পৰিয়ালে ৷