গুৱাহাটী, 22 ফেব্ৰুৱাৰী : কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত অসমৰ ৩১ সংখ্যক ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰিলে গুলাব চান্দ কাটাৰীয়াই ( Swearing ceremony of Gulab chand kataria as governor of assam )। বুধবাৰে দিনৰ ১১ বজাত কলাক্ষেত্রৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গুলাব চান্দ কাটাৰীয়াই অসমৰ ৰাজ্যপাল হিচাপে কৰ্ত্তব্য আৰু দায়িত্বৰ শপত গ্ৰহণ কৰে । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সন্দীপ মেহতাই নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াক ৰাজ্যপাল হিচাপে শপত বাক্য পাঠ কৰোৱায় (Swearing ceremony of Gulab chand kataria at Sankaradeva Kalakshetra) ।
অনুষ্ঠানটোৰ আঁত ধৰে ৰাজ্য চৰকাৰৰ মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰে ( IAS Paban Kr Borthakur ) । উল্লেখ্য যে, মঙলবাৰে বিয়লি পত্নী অনিতা কাটাৰীয়াৰ সৈতে গুৱাহাটীত উপস্থিত হয় গুলাব চান্দ কাটাৰীয়া । গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰত গুলাব চান্দ কাটাৰীয়াক অসম চৰকাৰৰ তৰফৰ পৰা উষ্ম আদৰণি জনোৱা হয় ।
কলাক্ষেত্রত আয়োজন কৰা ৰাজ্যপালৰ শপত গ্ৰহণ অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ উপৰি কেইবাগৰাকী মন্ত্রী আৰু চৰকাৰী উচ্চপদস্থ বিষয়া উপস্থিত থাকে । শপত গ্ৰহণৰ পূৰ্বে নৱনিযুক্ত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই পত্নীৰ সৈতে মা কামাখ্যা মন্দিৰত সেৱা জনাই পূজা-অৰ্চনা কৰে ।উল্লেখ্য যে ১২ ফেব্ৰুৱাৰীত অসমৰ লগতে দেশৰ ১৩ খন ৰাজ্যত ৰাজ্যপাল নিযুক্তি দিয়া হৈছিল । সেই মৰ্মে অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল গুলাব চান্দ কাটৰীয়াক (Assam new governor Gulab chand katar) ।