গুৱাহাটী, ৭ ছেপ্তেম্বৰ: ভুৱা কিন্নৰেৰে ভৰি পৰিছে ৰাজ্য । ভুৱা কিন্নৰে সমস্যাৰ সৃষ্টি কৰিছে প্ৰকৃত কিন্নৰসকলৰ বাবে । সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি কেতবোৰ ভয়ংকৰ তথ্য প্ৰকাশ কৰে অসমৰ সৰ্বপ্ৰথম তৃতীয় লিংগৰ ন্যায়াধীশ স্বাতী বিধান বৰুৱাই । বৰুৱাই অভিযোগ তোলে যে, ভুৱা কিন্নৰলৈ সহযোগিতা আগবঢ়াইছে ৰাজ্যৰ একাংশ খ্ৰীষ্টান সংগঠনে ।
এই সংগঠনবোৰে অসমৰ একাংশ কিন্নৰক ধৰ্মান্তকৰণৰো প্ৰক্ৰিয়া আৰম্ভ কৰিছে । আনহাতে, বহু ভুৱা কিন্নৰে বৰ্তমান বিক্ষিপ্ত ঘটনা সংঘটিত কৰি আছে । এইবোৰ কিন্নৰৰ পৰিয়াল আছে বুলি অভিযোগ উত্থাপন হৈছে । এনে ধৰণৰ ঘটনাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এতিয়া টাস্ক ফ’ৰ্চ গঠন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে । এই টাস্ক ফ’ৰ্চত ইণ্টেলিজেন্স ব্যুৰ’ৰ এগৰাকী বিষয়াও থাকিব ।