গুৱাহাটী, ৭ মাৰ্চঃ"দিচাংমুখৰ এবাতি আপং" খ্যাত কবি গংগামোহন মিলিলৈ আগবঢ়োৱা হৈছে "স্বৰ্ণলিপি কাব্য বটা ২০২০" । স্বৰ্ণলিপি আলোচনীয়ে আজি আনুষ্ঠানিক ভাবে এই কথা ঘোষণা কৰিছে ।
"দিচাংমুখৰ এবাতি আপং" খ্যাত কবি গংগামোহন মিলিলৈ "স্বৰ্ণলিপি কাব্য বটা ২০২০" - অসম প্ৰকাশন পৰিষদ
২২ মাৰ্চত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত বিশিষ্ট কবি গংগামোহন মিলিলৈ আগবঢ়োৱা হ'ব "স্বৰ্ণলিপি কাব্য বটা ২০২০" ।
!["দিচাংমুখৰ এবাতি আপং" খ্যাত কবি গংগামোহন মিলিলৈ "স্বৰ্ণলিপি কাব্য বটা ২০২০" ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6332150-thumbnail-3x2-guwahati.jpg)
"দিচাংমুখৰ এবাতি আপং" খ্যাত কবি গংগামোহন মিলিলৈ আগবঢ়োৱা হৈছে "স্বৰ্ণলিপি কাব্য বটা ২০২০"
২২ মাৰ্চত অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আয়োজিত গুৱাহাটী গ্ৰন্থমেলাৰ বাকৰিত বিশিষ্ট কবিগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব । ১৯৬৮ চনত শিৱসাগৰত জন্মগ্ৰহণ কৰা এইগৰাকী কবি আজিও সকলো স্তৰৰ কাব্যপ্ৰেমীৰ মাজত জনপ্ৰিয় । ইতিমধ্যে পাঠকৰ মাজত জনপ্ৰিয় হৈ পৰা তেওঁৰ কেইবাখনো কাব্য সংকলনৰ ভিতৰত অন্যতম কেইখনমান হ'ল -দিচাংমুখৰ এবাতি আপং, নদী মানুহৰ ঠিকনা, ঐনিতমৰ পৃথিৱী, মাটিৰ মায়াবী মালিতা, কুৱলীৰ সূতাৰে বোৱা, শুকান নৰাৰ চাকি আদি ।
লগতে পঢ়ক - আনন্দত মতলীয়া কোকৰাঝাৰ সংগীত বিদ্যালয়ৰ শিক্ষক-শিক্ষাৰ্থী
Last Updated : Jul 21, 2022, 4:00 PM IST