অসম

assam

ETV Bharat / state

পাৰ্থবিজয় দত্তলৈ 2019 ৰ স্বৰ্ণলিপি সাহিত্য বঁটা

এই বঁটা প্ৰদানৰ বাবে বিশেষ সমীক্ষা দলৰ দ্বাৰা গঠিত বিচাৰকমণ্ডলীয়ে একোগৰাকী নবীন প্ৰতিভাক বাচনি কৰে আৰু গল্প ,কবিতা ,উপন্যাস আৰু সমলোচনাত্মক ক্ষেত্ৰৰ পৰা বিচাৰ কৰা হয়। পার্থ বিজয় দত্তলৈ চুটিগল্পৰ ক্ষেত্ৰখনৰ পৰা এই বঁটা স্বৰ্ণলিপি আলোচনীয়ে আগবঢ়াই ৷

By

Published : Jun 23, 2019, 11:49 PM IST

পাৰ্থবিজয় দত্তলৈ 2019 ৰ স্বৰ্ণলিপি সাহিত্য বঁটা

গুৱাহাটী, 23 জুনঃ আধুনিক অসমীয়া ভাষা সাহিত্য কৃষ্টিৰ উত্তৰণৰ হকে উৎসৰ্গিত স্বৰ্ণলিপিৰ নৱম বৰ্ষপূৰ্তি উপলক্ষে আগবঢ়োৱা স্বৰ্ণলিপি সাহিত্য বঁটা 2019 মৰনোত্তৰ ভাবে প্ৰদান কৰা হয় বিশিষ্ট গল্পকাৰ ,সুদক্ষ আৰক্ষী বিষয়া পাৰ্থবিজয় দত্তক। এই অনুষ্ঠানত উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডাঃ পৰমানন্দ ৰাজবংশী, বিশিষ্ট শিক্ষাবিদ ডাঃ অমৰজ্যোতি চৌধুৰীৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তি।

পাৰ্থবিজয় দত্তলৈ 2019 ৰ স্বৰ্ণলিপি সাহিত্য বঁটা

এই বঁটা প্ৰদানৰ বাবে বিশেষ সমীক্ষা দলৰ দ্বাৰা গঠিত বিচাৰকমণ্ডলীয়ে একোগৰাকী নবীন প্ৰতিভাক বাচনি কৰে ৷ এই প্ৰতিভা গল্প ,কবিতা ,উপন্যাস আৰু সমলোচনাত্মক ক্ষেত্ৰৰ পৰা বিচাৰ কৰা হয় । পার্থ বিজয় দত্তলৈ চুটিগল্পৰ ক্ষেত্ৰখনৰ পৰা এই বঁটা স্বৰ্ণলিপি আলোচনীয়ে আগবঢ়াই ৷ পাৰ্থবিজয়ৰ অনুপস্থিতিত এই বঁটা গ্ৰহণ কৰে পার্থ বিজয়ৰ পত্নী ডাঃ স্বাতী কিৰণে। এই বঁটা গ্ৰহণ কৰি স্বাভাৱিকতে তেখেত সুখী বুলি জনাই ৷

ABOUT THE AUTHOR

...view details