গুৱাহাটী, ৮ ডিচেম্বৰঃ এইবাৰ " শ্বহীদ দিৱস " পালন নকৰে শ্বহীদ পৰিয়ালে । এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে সদৌ অসম শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে । ৯ আৰু ১০ ডিচেম্বৰত পৰিষদে কেন্দ্ৰীয়ভাবে গহপুৰত আয়োজন কৰিছিল শ্বহীদ দিৱসৰ কাৰ্যসূচী ।
" শ্বহীদ দিৱস " এইবাৰ পালন নকৰে শ্বহীদ পৰিয়ালে - হীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদ
শ্বহীদ দিৱসৰ দিনটোতে ৮৫৫ গৰাকী শ্বহীদৰ আত্মাক কষ্ট দি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ সিদ্ধান্ত লোৱাৰ প্ৰতিবাদত পৰিষদে এই কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত লয়
" শ্বহীদ দিৱস " এইবাৰ পালন নকৰে শ্বহীদ পৰিয়ালে
কিন্তু শ্বহীদ দিৱসৰ দিনটোতে ৮৫৫ গৰাকী শ্বহীদৰ আত্মাক কষ্ট দি কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিবলৈ সিদ্ধান্ত লোৱাৰ প্ৰতিবাদত পৰিষদে এই কাৰ্যসূচী বাতিলৰ সিদ্ধান্ত লয় । গুৱাহাটীত জৰুৰীভাবে অনুষ্ঠিত পৰিষদৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত গ্ৰহণ কৰা হয় 'শ্বহীদ দিৱস' বাতিলৰ সিদ্ধান্ত । ইয়াৰ বিপৰীতে ১০ ডিচেম্বৰৰ অসম বন্ধৰ প্ৰতি পৰিষদে পূৰ্ণ সমৰ্থন আগবঢ়াব ।