অসম

assam

By

Published : Dec 5, 2021, 5:32 PM IST

ETV Bharat / state

মৌলবাদী সংগঠনৰে কি সম্পর্ক নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ ?

মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে আদালতত দাখিল কৰা অভিযোগনামাৰ পৃষ্ঠাই পৃষ্ঠাই ভয়ংকৰ তথ্য(Chargesheet against Rounak Ali Hazarika) । ২০১১ চনৰ পৰা ২০২০ চনলৈ মুঠ ১১ বাৰ বিদেশ ভ্রমণ কৰা ৰৌণক আলী হাজৰিকাই এবাৰহে বিদেশ ভ্রমণৰ বাবে অনুমতি লৈছিল ।

suspended DIG Raunak Ali Hazarikas relationship with islamic extremist groups
মৌলবাদী সংগঠনৰে কি সম্পর্ক নিলম্বিত ডিআইজি ৰৌণক আলী হাজৰিকাৰ ?

গুৱাহাটী, ৫ ডিচেম্বৰ : ৰক্ষক হৈ ভক্ষকৰ ভূমিকা পালন কৰা অসম আৰক্ষীৰ নিলম্বিত উপ-মহাপৰিদৰ্শক (ডি আই জি) ৰৌণক আলী হাজৰিকাই সম্পত্তিৰ পাহাৰ গঢ়াতে সীমাবদ্ধ থকা নাছিল । তেওঁ কুখ্যাত সন্ত্রাসবাদী সংগঠন আইছিছৰে সম্পৰ্ক ৰাখিছিল(Raunak Ali Hazarika relation with ISIS) । শেহতীয়াকৈ মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে(CM's Special Vigilance Cell against Raunak Ali Hazarika) দাখিল কৰা অভিযোগনামাত এই সন্দেহ প্ৰকাশ কৰা হৈছে ।

উল্লেখ্য যে, আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাৰ পৃষ্ঠাই পৃষ্ঠাই ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে দাঙি ধৰা হৈছে (Chargesheet against Rounak Ali Hazarika) ৷ ভয়ংকৰ তথ্য তথ্য অনুসৰি, প্রতিবাৰ বিদেশ ভ্রমণতেই নিলম্বিত ডি আই জি ৰৌণক আলী হাজৰিকাই মৌলবাদী সংগঠন তথা সন্ত্রাসবাদী সংগঠনৰে(Raunak Ali Hazarika relation with terrorist ) সম্পর্ক ৰক্ষাৰ চেষ্টা চলাইছিল ।

অভিযোগনামাত উল্লেখ কৰা অনুসৰি ২০১১ চনৰ পৰা ২০২০ চনলৈ মুঠ ১১ বাৰ বিদেশ ভ্রমণ কৰা ৰৌণক আলী হাজৰিকাই এবাৰহে বিদেশ ভ্রমণৰ বাবে অনুমতি লৈছিল । চৰকাৰৰ বিনা অনুমতিত তেওঁ ১০ বাৰকৈ বিদেশ ভ্রমণ কৰিছিল আৰু প্ৰত্যেকবাৰেই কেইবাখনো ইছলামিক ৰাষ্ট্র ভ্ৰমণ কৰিছিল ।

তথ্য অনুসৰি, আৰক্ষীৰ নিলম্বিত শীৰ্ষ বিষয়াজনে বিগত ১০ বছৰত ইণ্ডোনেছিয়া, মালদ্বীপ, ডুবাই, বাংলাদেশকে ধৰি আন কেইবাখনো ৰাষ্ট্র ভ্রমণ কৰিছিল । ২০১১ চনত এবাৰ, ২০১২ চনত দুবাৰ, ২০১৩ চনত তিনিবাৰ আৰু ২০১৫ চনৰ পৰা ২০২০ চনলৈ এবাৰকৈ বিদেশ ভ্রমণ কৰিছিল ।

অত্যন্ত আশ্চৰ্যৰ বিষয় যে এই বিদেশ ভ্রমণত ৰৌণক আলী হাজৰিকাই নিজৰ ফালৰ পৰা এক টকাও ব্যয় কৰা নাছিল । তেনেস্থলত তেওঁ বিদেশ ভ্ৰমণৰ বাবে অৰ্থ কাৰ পৰা পাইছিল । এইটো এটা ডাঙৰ প্ৰশ্ন, লক্ষণীয় বিষয় যে আৰক্ষীৰ বাৰম্বাৰ জেৰাৰ পাছতো এই সন্দর্ভত মুখ খোলা নাই অভিযুক্ত আৰক্ষী বিষয়াজনে ।

২৭ নৱেম্বৰত বিশেষ আদালতত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে দাখিল কৰা অভিযোগনামাত উল্লেখ কৰা তথ্য অনুসৰি ২০১৮ চনত ইণ্ডোনেছিয়া ভ্রমণ কৰিছিল ৰৌণক আলী হাজৰিকাই। ইণ্ডোনেছিয়াত ১২ দিন কটোৱা ৰৌণক আলী হাজৰিকাই ফিলিপাইনৰ ৰাজধানী মানিলাৰে যাতায়াতৰ সুবিধা থকা ঠাইত আছিল । অভিযোগনামাত দিয়া তথ্য অনুসৰি উক্ত অঞ্চলৰ পৰাই অভিযুক্ত আৰক্ষী বিষয়াজনে সঘনে গৈছিল মানিলালৈ ।

উল্লেখ্য যে, ফিলিপাইনৰ ৰাজধানী মানিলা ২০১৯ চনলৈকে আইছিছৰ ঘাটি ৰূপে পৰিচিত আছিল । এনে অৱস্থাত ইণ্ডোনেছিয়াৰ পৰা মানিলালৈ অভিযুক্ত ৰৌণক আলী হাজৰিকাৰ সঘন আৰু সহজ যোগাযোগৰ কাৰণক লৈ ৰহস্য ঘনীভূত হৈছে । এই সন্দৰ্ভত নিলম্বিত আৰক্ষী বিষয়াজনক বাৰম্বাৰ প্রশ্ন কৰা হৈছিল যদিও ইয়াৰ কোনো সূদুত্তৰ দিব পৰা নাই ৰৌণক আলী হাজৰিকাই ।

এনে অৱস্থাত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে সন্দেহ কৰিছে যে বিদেশী চোৰাংচোৱাৰ ধনেৰে ৰৌণক আলী হাজৰিকাই সঘনে বিদেশ ভ্রমণ কৰিছিল । ২০২০ চনৰ ২০ আগষ্টৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে মুঠ ৪০ দিন এইজন অভিযুক্ত আৰক্ষী বিষয়াই কটাইছিল ছুইজাৰলেণ্ডত । দেশখনৰ এখন বিশ্ববিদ্যালয়ত নিজৰ কন্যাক নামভর্তি কৰাবলৈ ৪০ দিন ছুইজাৰলেণ্ডত কটোৱা ৰৌণক আলী হাজৰিকাই এই ভ্রমণত অৱশ্যে নিজৰ ধন ব্যয় কৰাৰ লগতে চৰকাৰৰো অনুমতি লৈছিল ।

লক্ষণীয় বিষয়টো হ’ল যে ১১বাৰকৈ বিদেশ ভ্রমণ কৰা ৰৌণক আলী হাজৰিকাই প্রতিবাৰ ভ্রমণতে ব্যয় কৰিছিল কেইবালাখ টকা । তেওঁ ১১ বাৰ বিদেশ ভ্রমণ কৰাৰ বাবদ কোটি টকাৰ ওপৰত ব্যয় হৈছিল । কিন্তু বিদেশ ভ্রমণ কৰিবলৈ তেওঁৰ হাতলৈ ক’ৰ পৰা আহিছিল ইমান বিশাল পৰিমাণৰ ধন । এই বিষয়টোক লৈয়ে তদন্ত অব্যাহত ৰাখিছে তদন্তকাৰী দলটোৱে ।

উল্লেখ্য যে, ৫ অক্টোবৰত মুখ্যমন্ত্রীৰ বিশেষ তদাৰকী কোষে গ্রেপ্তাৰ কৰা ৰৌণক আলী হাজৰিকাৰ সম্পত্তিৰ তালিকায়ো তদন্তকাৰী দলক স্তম্ভিত কৰিছে । দুবাৰকৈ নিলম্বিত আৰক্ষী বিষয়াজনৰ মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাসগৃহত অভিযান চলাই তদন্তকাৰী দলটোৱে বিশাল সম্পত্তিৰ তথ্য লাভ কৰিছিল । আয় বহিঃর্ভূত সম্পত্তি আহৰণ কৰা ৰৌণক আলী হাজৰিকাৰ বাসগৃহৰ প্রতিটো আচবাবেই যথেষ্ট ব্যয়বহুল ।

অধিকসংখ্যক আচবাব বিদেশৰ পৰা অনা। কি উৎসৰ ধনেৰে আৰক্ষী বিষয়াজনে এনেদৰে কোটি কোটি টকাৰ সম্পত্তি আহৰণ কৰিছিল, সেই সন্দর্ভতো অবিৰতভাৱে চলি আছে তদন্ত। আনকি তেওঁৰ পত্নী নুছৰত ৰৌণক আলী হাজৰিকাৰ সম্পত্তিৰ পৰিমাণো ৫০০ কোটি টকা হ’ব বুলি ধাৰণা কৰিছে তদন্তকাৰী দলে ।

লগতে পঢ়ক :Tension grips Nagaland : নিৰাপত্তাৰক্ষীৰ গুলীত নিহত 13 জনকৈ নগা যুৱক

ABOUT THE AUTHOR

...view details