গুৱাহাটী, ১৬ আগষ্ট : অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ (Assam Pradesh Congress Committee) অভিযোগৰ ভিত্তিত মঙলবাৰে অসম বিধানসভাত বিধানসভাৰ অধ্যক্ষৰ ওচৰত কংগ্ৰেছৰ নিলম্বিত বিধায়ক শশীকান্ত দাসৰ প্ৰথমটো শুনানি অনুষ্ঠিত হয় (Suspended Congress MLA Shashikant Das hearing in Assam Assembly) ।
ইপিনে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ দ্বিতীয়টো শুনানি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও শ্বেৰমান আলীৰ অধিবক্তা উপস্থিত থাকিব নোৱাৰাৰ বাবে কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ দ্বিতীয়টো শুনানি স্থগিত ৰখা হয় । উল্লেখ্য যে দলবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ তুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাস আৰু বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলৰ পৰা নিলম্বিত কৰিছিল (Sherman Ali and Sashikant Das suspended by Congress) ।
আনহাতে, ৰহাৰ কংগ্ৰেছ বিধায়ক শশীকান্ত দাস আৰু বাঘবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়ক শ্বেৰমান আলীৰ বিধায়ক পদ খাৰিজ কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ হৈ বিৰোধী দলৰ দলপতি দেৱব্ৰত শকীয়াই বিধানসভাত বিধানসভাৰ অধ্যক্ষৰ ওচৰত আবেদন কৰিছিল । বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে (Assam Assembly Speaker Biswajit Doimari) বিধায়ক শশীকান্ত দাসৰ প্ৰথমটো শুনানি গ্ৰহণ কৰি পৰৱৰ্তী শুনানিৰ বাবে শশীকান্ত দাসক নিৰ্দেশ দিয়ে । ইপিনে শ্বেৰমান আলীকো দ্বিতীয় শুনানিৰ বাবে উপস্থিত থকাৰ নিদেৰ্শ দিয়া হয় ।