গুৱাহাটী, ২৭ নৱেম্বৰ : অজ্ঞাত উৎসৰ পৰা ৰৌনক আলি হাজৰিকাৰ বেংক একাউন্টলৈ আহিছিল প্ৰায় তিনি কোটি টকা ৷ আনকি চৰকাৰৰ অনুমতি নোলোৱাকৈয়ে অলেখবাৰ কেইবাখনো ইছলামিক ৰাষ্ট্ৰ গোপনে ভ্ৰমণ কৰিছিল (Raunak Ali Hazarika visited Islamic nations several times illegally) অভিযুক্ত নিলম্বিত ডি আই জি ৰৌনক আলি হাজৰিকাই ৷ এই বিষয়টোক কেন্দ্ৰ কৰিয়েই এতিয়া মূলতঃ জেৰা চলাই থকা হৈছে ৰৌনক আলি হাজৰিকাক । ইতিমধ্য এই সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ তথ্যও পোহৰলৈ আহিছে ৷
নিজৰ আয়ৰ সৈতে সামঞ্জস্য নথকাকৈ সা-সম্পত্তি গোটোৱাকে ধৰি আন কেইবাটাও অভিযোগত অভিযুক্ত হৈ হাতকেৰেয়া পিন্ধিবলগীয়া হোৱা ডি আই জি ৰৌনক আলি হাজৰিকা (Raunak Ali Hazarika IPS Suspended)ৰ পৰা লাহে লাহে বিভিন্ন তথ্য উলিয়াবলৈ সক্ষম হৈছে অনুসন্ধানকাৰী সংস্থা চি আই ডিয়ে । গ্ৰেপ্তাৰৰ পিছৰে পৰাই পুলিচি মেজাজ দেখুৱাই তদন্তত কোনো ধৰণে সহযোগ কৰা নাছিল ডি আই জি ৰৌনক আলি হাজৰিকাই । আনকি তদন্তৰ সময়ত তেওঁক সোধা বিভিন্ন প্ৰশ্নৰো যথাযথ উত্তৰ দিয়া নাছিল আৰক্ষী বিষয়া গৰাকীয়ে ।