অসম

assam

ETV Bharat / state

গুৱাহাটীত সন্দেহজনক আলফা কেডাৰ গ্ৰেপ্তাৰ

গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে এজন সন্দেহজনক আলফা কেডাৰ । গ্ৰেপ্তাৰ হোৱা সন্দেহজনক কেডাৰজনৰ নাম কংকনজ্যোতি ভূঞা । ১২ এপ্ৰিলত আলফা (স্বা)ৰ নামত ৫০ লাখ টকা ফোনযোগে দাবী কৰিছিল ধৃত কংকনজ্যোতিয়ে ৷ আঠগাঁৱৰ প্ৰতিষ্ঠিত আগৰৱালা নামৰ এজন ব্যৱসায়ীক দাবী কৰিছিল এই ধন ৷

suspected-ulfa-cader-arrested
ব্যৱসায়ীক ধনদাবী কৰি ক্ৰাইম ব্ৰাঞ্চৰ জালত সন্দেহজনক আলফা কেডাৰ

By

Published : May 12, 2021, 7:36 PM IST

Updated : May 12, 2021, 8:07 PM IST

গুৱাহাটী,12 মে’:এগৰাকী ব্যৱসায়ীক ফোনযোগে ৫০ লাখ টকা দাবী কৰি গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰিছে এজন সন্দেহজনক আলফা কেডাৰ । পাঞ্জাবাৰীৰ ভিআইপি ৰোডৰ নামঘৰ পথৰ সমীপৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সন্দেহজনক আলফা কেডাৰজনক ৷ গ্ৰেপ্তাৰ হোৱা সন্দেহজনক কেডাৰজন কংকনজ্যোতি ভূঞা বুলি জানিব পৰা গৈছে ।

গুৱাহাটীত সন্দেহজনক আলফা কেডাৰ গ্ৰেপ্তাৰ

১২ এপ্ৰিলত আঠগাঁৱৰ আগৰৱালা নামৰ এজন ব্যৱসায়ীক আলফা(স্বা) ৰ নামত ৫০ লাখ টকা ফোনযোগে দাবী কৰিছিল ধৃত কংকনজ্যোতিয়ে ৷ পিছত সেই ফোনকলৰ ভিত্তিত তদন্ত কৰোতেই গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চৰ জালত পৰে কংকনজ্যোতি ভূঞা । ক্ৰাইম ব্ৰাঞ্চৰ উপ আৰক্ষী আয়ুক্ত বৰুণ পুৰকায়স্থৰ নেতৃত্বত এটা বৃহৎ দলে অভিযান চলাই গ্ৰেপ্তাৰ কৰে কংকনজ্যোতিক ।

উল্লেখ্য যে, ধৃত সন্দেহযুক্ত আলফা কেডাৰজন পাঞ্জাবাৰীত ভাড়াতীয়া হিচাপে বসবাস কৰি আছিল । ধৃত যুৱকজনৰ ঘৰ কলিয়াবৰত বুলি জানিব পৰা গৈছে । সম্প্ৰতি আৰক্ষীয়ে অধিক তথ্যৰ বাবে যুৱকজনক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ক'ভিড নিয়ন্ত্ৰণ: মাজুলীৰ দায়িত্ব ল’লে হিমন্তই, কোন মন্ত্ৰীৰ ভাগত কোন জিলা

Last Updated : May 12, 2021, 8:07 PM IST

ABOUT THE AUTHOR

...view details