গুৱাহাটী, ১ আগষ্ট : দল সলনি কৰাৰ পূৰ্বে সাংবিধানিকভাৱে যিখিনি নীতি নিয়ম পালন কৰিব লাগে সেই সকলো খিনিয়েই ইতিমধ্যে সম্পূৰ্ণ কৰিছে সুশান্ত বৰগোহাঁয়ে (Sushanta Bargohain)। ইতিমধ্যে তেওঁ কংগ্ৰেছ দল আৰু বিধান সভাত বিধায়ক পদ দুয়োটাই ত্যাগ কৰিছে । থাওৰা সমষ্টিৰ (Thaora Constituency) কংগ্ৰেছ শিবিৰৰ পৰাও তেওঁ ইতিমধ্যে বিদায় লৈছে । এতিয়া বাকী আছে কেৱল বিজেপিত যোগদানৰ আনুষ্ঠানিকতা ।
সেই আনুষ্ঠানিকতা খিনিও দেওবাৰে বিয়লি সম্পূৰ্ণ হৈ উঠিব । সদ্য প্ৰাক্তন কংগ্ৰেছ বিধায়ক সুশান্ত বৰগোহাঁয়ে দেওবাৰে দুপৰীয়া মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (CM Himanta Bishwa Sarma)ক প্ৰথমে সাক্ষাৎ কৰি তেওঁৰ পৰা আশীস গ্ৰহণ কৰাৰ পিছতে বিয়লি তিনি বজাত আনুষ্ঠানিকভাৱে যোগ দিব বিজেপিত । এই যোগদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ উপৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাও উপস্থিত থাকিব ।