গুৱাহাটী ৭ জুলাই:ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে এক সিদ্ধান্তযোগে ৰাজ্যৰ মুছলমান সম্প্ৰদায়ৰ পাঁচটা জনগোষ্ঠীক খিলঞ্জীয়া জনগোষ্ঠী বুলি ঘোষণা কৰাৰ লগে লগে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । আনহাতে, লক্ষণীয় সংখ্যক মুছলমানৰ বাবে কেনেধৰণৰ সা-সুবিধা আৰু সাংবিধানিক সুৰক্ষাৰ ব্যৱস্থা কৰা হ'ব তাকে লৈ চলিছে ব্যাপক চৰ্চা । অসম চৰকাৰে ৰাজ্যৰ পাচঁটা ইছলাম ধৰ্মী জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়াৰ স্বীকৃতি দিয়াৰ ৰাজনৈতিক সিদ্ধান্তই ৰাজ্যৰ সমাজ জীৱনতো মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Political decision to recognize five Muslim ethnic groups as indigenous Assamese) ।
এই সিদ্ধান্তক যথেষ্ঠ সংখ্যক দল সংগঠনে সমৰ্থন জনোৱাৰ লগতে কিছু সংখ্যক সংগঠন আৰু ব্যক্তি বিশেষে ইয়াক ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি অভিহিত কৰে । কেৱল সেয়াই নহয়, প্ৰসিদ্ধ সাহিত্যিক চৈয়দ আব্দুল মালিকক খিলঞ্জীয়া বুলিবলৈ কেবিনেটত সিদ্ধান্ত লাগিব নেকি বুলি কিছু সংখ্যক সচেতন নাগৰিকে প্ৰশ্ন উত্থাপন কৰিছে । কিন্তু তাৰ মাজতে চৰকাৰৰ এই সিদ্ধান্তই গৰিয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দসকলক কিদৰে উপকৃত কৰিব তাকে লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ।
উল্লেখযোগ্য যে, ২০১৬ চনত ৰাজ্যৰ ৰাজনীতিত বিজেপিৰ নেতৃত্ব আৰু সৰ্বানন্দ সোণোৱালৰ মুখ্যমন্ত্ৰীত্বত চৰকাৰ গঠন কৰাৰ পিছতে খিলঞ্জীয়া মুছলমানৰ উন্নয়নৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছিল (Several steps for development of indigenous Muslims) । ২০১৯-২০ চন আৰু ২০২০-২১ চনৰ বিত্তীয় বাজেটত উল্লেখিত মুছলমান জনগোষ্ঠীক খিলঞ্জীয়া অসমীয়া বুলি ঘোষণা কৰি তেওঁলোকৰ আৰ্থ সামাজিক বিকাশৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হ'ব । এই ক্ষেত্ৰত এক জৰীপ হোৱাৰো কথা আছিল । কিন্তু বিজেপিৰ প্ৰথমখন চৰকাৰৰ সময়ত এই কাম সম্ভৱ হৈ নুঠিল ।
আনহাতে, ২০১৫ চনত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে গৰিয়া উন্নয়ন পৰিষদৰ কথা ঘোষণা কৰিছিল যদিও সেই ঘোষণাক কোনো ব্যৱহাৰিক মান্যতা দিয়া নাছিল । তদুপৰি, সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সময়ত খিলঞ্জীয়া মুছলমান উন্নয়ন পৰিষদ গঠন কৰাৰ কথা ঘোষণা কৰা হৈছিল যদিও সেই ঘোষণা বাস্তৱত ৰূপায়ন হোৱা নাছিল ।