নিউজ ডেস্ক, 25 আগষ্ট : গুৰুজনাৰ সৃষ্টিৰাজি বিষয়ক গৱেষণাৰ ক্ষেত্ৰত জীৱন উচৰ্গা কৰা সুৰেন্দ্ৰ নাথ বৰাৰ দেহাৱসান । গুৱাহাটীৰ এপ'ল' হাস্পতালত চিকিৎসাধীন হৈ আছিল শংকৰী সংস্কৃতিৰ সাধকগৰাকী । হৃদৰোগত আক্ৰান্ত হৈ থকা বৰাই পুৱতি নিশা মৃত্যুক আঁকোৱালি লয় । বিগত ২০ বছৰ ধৰি শংকৰী সংস্কৃতিৰ ওপৰত গৱেষণা কৰি আছিল বিশিষ্ট লিখক সুৰেন্দ্ৰ নাথ বৰা । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজি বিষয়ক কেইবাখনো গ্ৰন্থ লিখি উলিয়াইছে গৱেষকগৰাকীয়ে । শংকৰী সংস্কৃতিৰ সাধকগৰাকীৰ মৃত্যু এক অপূৰণীয় ক্ষতি ।
শংকৰী সংস্কৃতিৰ সাধক সুৰেন্দ্ৰ নাথ বৰাৰ দেহাৱসান - শংকৰী সংস্কৃতিৰ সাধক সুৰেন্দ্ৰ নাথ বৰা
শংকৰী সংস্কৃতিৰ সাধক সুৰেন্দ্ৰ নাথ বৰাৰ দেহাৱসান । হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় গৱেষকজনৰ ।
শংকৰী সংস্কৃতিৰ সাধক সুৰেন্দ্ৰ নাথ বৰাৰ দেহাৱসান
TAGGED:
Surendra Nath Bora dies