গুৱাহাটী, ১৫ ফেব্ৰুৱাৰী: উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত নাগৰিকত্ব ভিত্তি বর্ষৰ শুনানী আজি অৰ্থাৎ বুধবাৰে গ্ৰহণ কৰা হ'ব (Hearing on Citizenship based year)। উল্লেখযোগ্য যে মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত নাগৰিকত্বৰ ভিত্তি বর্ষ ১৯৭১ নে ১৯৫১ হ'ব, তাক লৈ শুনানী গ্ৰহণ কৰাৰ কথা আছিল । কিন্তু মঙলবাৰে মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতা কৰা গোচৰৰ শুনানী দীঘলীয়া হোৱাৰ বাবে নাগৰিকত্ব ভিত্তি বর্ষৰ শুনানি গ্ৰহণ কৰা নহ'ল । এই সন্দৰ্ভত নতুন দিল্লীৰ পৰা অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি তথা প্ৰধান গোচৰীয়া মতিউৰ ৰহমানে কয় যে বুধবাৰে ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত মহাসংঘৰ ভিত্তি বছৰ সম্পৰ্কীয় গোচৰৰ শুনানী গ্ৰহণ কৰা হ'ব (Asom Sammilita Mahasangha)।
কালি অৰ্থাৎ মঙলবাৰে মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতা কৰা গোচৰৰ শুনানী দীঘলীয়া হোৱাৰ বাবে মহাসংঘৰ শুনানী নহ'ল বুলি তেওঁ কয় । তেওঁ শুনানী সম্পৰ্কত কয় যে উচ্চতম ন্যায়ালয়ত মুখ্য ন্যায়াধীশ ধনঞ্জয় যশৱন্ত চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ পমিদিঘন্টম শ্ৰী নৰসিমহা, ন্যায়াধীশ হীমা কোহলী, ন্যায়াধীশ মুকেশ ৰাচিকভাই শ্বাহ আৰু ন্যায়াধীশ কৃষ্ণ মূৰাৰীৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত পূৰ্বৰ সিদ্ধান্ত মৰ্মেই প্ৰথমে মহাৰাষ্ট্ৰৰ চৰকাৰ ভঙা-পতা সম্পৰ্কীয় গোচৰটোৰ শুনানী অনুষ্ঠিত হয় (Chief Justice of Supreme Court)। এই শুনানী আবেলি ৪ বজালৈ অনুষ্ঠিত হোৱা হেতুকে মহাসংঘৰ নাগৰিকত্বৰ ভিত্তি বছৰ সম্পৰ্কীয় বিষয়ৰ শুনানী কালি অনুষ্ঠিত নহ'ল ।