অসম

assam

ETV Bharat / state

উচ্চতম ন্যায়ালয়ত অধিবক্তাৰ ৰূপত তৰুণ গগৈ - পি চিদম্বৰম

বুধবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে উচ্চতম ন্যায়ালয়ত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে যুক্তি দাঙি ধৰিব।

Supreme Court
দিল্লীত তৰুণ গগৈ

By

Published : Dec 18, 2019, 1:05 PM IST

Updated : Dec 18, 2019, 1:57 PM IST

গুৱাহাটী, 18 ডিচেম্বৰঃবুধবাৰে পুনৰ ক'লা কোট পৰিধান কৰিব ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। উচ্চতম ন্যায়ালয়ত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত যুক্তি দাঙি ধৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে। উচ্চতম ন্যায়ালয়ৰ 1 নং আদালতত বহু বিতৰ্কিত আইনৰ বোৰোধিতা কৰি পি চিদম্বৰমক সহযোগ কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উচ্চতম ন্যায়ালয়ত সংশোধিত নাগৰিকত্ব আইনৰ বিৰুদ্ধে অধিবক্তা ৰূপত অৱতীৰ্ণ হোৱাৰ কথা জানিবলৈ দিছে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে।

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ

উল্লেখ্য যে, বুধবাৰে উচ্চতম ন্যায়ালয়ত সংশোধীত নাগৰিকত্ব আইনক লৈ প্ৰথমটো শুনানি গ্ৰহণ কৰা হ'ব । ইপিনে এই সংশোধিত আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত সমগ্ৰ দেশৰ পৰা 59 খন লেখ আবেদন দাখিল কৰা হৈছে। মুখ্য ন্যায়াধীশ এছ এ ববডে নেতৃত্বাধীন তিনি জনীয়া বিচাৰপীঠে এই আইনৰ শুনানি গ্ৰহণ কৰিব।

লগতে পঢ়ক - ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণ সত্যাগ্ৰহ

Last Updated : Dec 18, 2019, 1:57 PM IST

ABOUT THE AUTHOR

...view details