নিউজ ডেস্ক, 24 জানুৱাৰী:অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ(Assam constituency delimitation) বিষয়টোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি সোমবাৰে গ্ৰহণ কৰিলে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ৷ 30 নবেন্বৰত পুনৰ হ’ব দ্বিতীয় পৰ্যায়ৰ শুনানি ৷ বিগত বৰ্ষৰ 27 ডিচেম্বৰত নিৰ্বাচন আয়োগে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে জাৰি কৰিছিল জাননী ৷
উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে নিৰ্বাচন আয়োগে প্ৰেৰণ কৰা জাননীৰ পিচতে ৰাজ্যজুৰি অব্যাহত আছে প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত বিৰোধী ৰাজনৈতিক দলকে ধৰি বিভিন্ন মহলত ক্ৰিয়া-প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে সমষ্টি পুনৰ নিৰ্ধাৰণৰ বিষয়টোক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিল সাংসদ অজিত কুমাৰ ভূঞা(Ajit Kumar Bhuyan) আৰু বিশিষ্ট চিন্তাবিদ ড৹ হীৰেন গোহাঁইয়ে(Dr Hiren Gohain) ৷
সমগ্ৰ বিষয় সন্দৰ্ভত সাংসদ অজিত কুমাৰ ভূঞাই ইটিভি ভাৰতক জানিবলৈ দিয়ে যে, সোমবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে গ্ৰহণ কৰিলে পি আই এলখনৰ প্ৰথম পৰ্যায়ৰ শুনানি(Supreme court hearing) ৷ 30 জানুৱাৰীত পুনৰ শুনানি গ্ৰহণ কৰিব ন্যায়ালয়ে ৷ সেয়েহে, 30 জানুৱাৰীৰ ভিতৰত অসম চৰকাৰক নিজৰ স্থিতি স্পষ্ট কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে ন্যায়ালয়ে ৷ সমষ্টি নিৰ্ধাৰণৰ এই বিষয়টো এটা অতি স্পৰ্শকাতৰ বিষয় হিচাপে সৰ্বোচ্চ ন্যায়ালয়ে গণ্য কৰিছে বুলিও সাংসদ অজিত কুমাৰ ভূঞাই ইটিভি ভাৰতক অৱগত কৰে ৷