গুৱাহাটী, ১০ জুন :মহানগৰীৰ য’তে-ত’তে এতিয়া দেখিবলৈ পোৱা গৈছে প্ৰকাণ্ড প্ৰকাণ্ড গাঁত ৷ ফলত ৰাজপথত দেখা দিছে যান-জঁট ৷ সকলোৰে জ্ঞাত যে, অনুমতিবহীনভাৱে মহানগৰীৰ ৰাজপথত খন্দা এটা গাঁতেই কাল হ’ল এগৰাকী মেধাৱী ছাত্ৰীৰ বাবে ৷ যি ঘটনাই জোকাৰি গৈছে ৰাজ্য (Guwahati Road accident) ।
শেহতীয়াকৈ লাভ কৰা তথ্য অনুসৰি, এ কে কনষ্ট্ৰাকশ্যনৰ ছুপাৰভাইজাৰ পাৰিজাত শইকীয়াক গ্ৰেপ্তাৰ কৰে মহানগৰ আৰক্ষীয়ে (Supervisor of AK Construction Company Arrested Parijat Saikia)৷ উল্লেখ্য যে, জাইকাৰ পানী যোগানৰ বাবে পানীৰ পাইপ সংস্থাপনৰ হেতুকে মহানগৰীৰ বিভিন্ন স্থানত খন্দা হৈছিল বৃহৎ বৃহৎ গাঁত ৷
এই উন্মুক্ত গাঁতৰ বাবেই চলিত মাহৰ ৮ তাৰিখে মহানগৰীৰ গণেশগুৰিত মৃত্যু হৈছিল প্ৰিয়া কুমাৰীৰ (Priya Kumari Guwahati accident) ৷ এই মেধাৱী ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিচত বিতৰ্কিত ঠিকাদাৰী প্ৰতিষ্ঠান এ কে কনষ্ট্ৰাকশ্যনৰ বিৰুদ্ধে দিছপুৰ থানাত ৰুজু হৈছিল চাৰিটাকৈ গোচৰ ৷ ইয়াৰ পিছতে ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ ছুপাৰভাইজাৰ পি বালাজীক গ্ৰেপ্তাৰ কৰে ৷