গুৱাহাটী,29 অক্টোবৰঃ ৰাজ্যত অব্যাহত আছে চুপাৰি চিণ্ডিকেট ৷ আৰক্ষীৰে গোপন বুজাবুজি কৰি বহিঃৰাজ্যৰ পৰা অবাধে সৰবৰাহ হৈ আহিছে চুপাৰি ভৰ্তি ট্ৰাক ৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰিছিল অবৈধ ভাৱে চুপাৰি কঢ়িয়াই অনা বহিঃৰাজ্যৰ কেইবাখনো ট্ৰাক ৷ কোনো গোপন সূত্ৰৰ পম খেদি মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰ্কিংত আনল’ড কৰি থকা অৱস্থাতে চুপাৰি সহ জব্দ কৰিছিল ট্ৰাককেইখন ৷
আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি লখিমপুৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল বৃহৎ পৰিমাণৰ চুপাৰি খিনি ৷ ইপিনে সমগ্ৰ ঘটনাৰ মূল নায়ক তুষাৰ ৰাজেশ ৰায় নামৰ এজন লোক ৷ তুষাৰৰ নেতৃত্বতেই লখিমপুৰৰ পৰা গুৱাহাটীলৈ অবৈধভাৱে কঢ়িয়াই অনা হৈছিল চুপাৰি খিনি ৷ সংবাদ মাধ্যমৰ আগত দেখুৱাবৰ বাবেই প্ৰথম অৱস্থাত চুপাৰিসহ ট্ৰাককেইখন আটক কৰিছিল বশিষ্ঠ আৰক্ষীয়ে ৷ কিন্তু পাছত মোটা অংকৰ ধনৰ বিনিময়ত ট্ৰাককেইখন নিশা মুকলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন মহলত ৷ কেইটামান ধনৰ বিনিময়ত বশিষ্ঠ আৰক্ষীয়ে কোনোধৰণৰ নথিপত্ৰ নথকা ট্ৰাককেইখন নিশাৰ ভাগত যাবলৈ দিয়াকলৈ অবশ্যে সৃষ্টি হৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ ৷ প্ৰশ্ন উত্থাপন কৰিছে দিনৰ পোহৰতেই কেনেকৈ সুদুৰ লখিমপুৰৰ পৰা গুৱাহাটী পাব পাৰিলে নথিপত্ৰ বিহীন চুপাৰি ভৰ্তি ট্ৰাক ৷ ব্ৰহ্মপুত্ৰ পাৰ্কিংৰ সৈতে কিবা গোপন মিতিৰালি আছে নেকি চুপাৰি ছিণ্ডিকেট চক্ৰৰ ৷
ৰাজ্যত গোপনে চলিছে চুপাৰি ছিণ্ডিকেট ! - বশিষ্ঠ আৰক্ষী
আৰক্ষী সূত্ৰত প্ৰকাশ পোৱা অনুসৰি লখিমপুৰৰ পৰা গুৱাহাটীলৈ অনা হৈছিল বৃহৎ পৰিমাণৰ চুপাৰি খিনি ৷ ইপিনে সমগ্ৰ ঘটনাৰ মূল নায়ক তুষাৰ ৰাজেশ ৰায় নামৰ এজন লোক ৷ তুষাৰৰ নেতৃত্বতেই লখিমপুৰৰ পৰা গুৱাহাটীলৈ অবৈধভাৱে কঢ়িয়াই অনা হৈছিল চুপাৰি খিনি ৷ সংবাদ মাধ্যমৰ আগত দেখুৱাবৰ বাবেই প্ৰথম অৱস্থাত চুপাৰিসহ ট্ৰাককেইখন আটক কৰিছিল বশিষ্ঠ আৰক্ষীয়ে ৷ কিন্তু পাছত মোটা অংকৰ ধনৰ বিনিময়ত ট্ৰাককেইখন নিশা মুকলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে বিভিন্ন মহলত ৷
![ৰাজ্যত গোপনে চলিছে চুপাৰি ছিণ্ডিকেট ! supari syndicate at assam](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9360255-302-9360255-1603990636573.jpg)
অৱশ্যে বশিষ্ঠ আৰক্ষীয়ে ধনৰ বিনিময়ত অবৈধভাৱে চুপাৰি কঢ়িয়াই অনা ট্ৰাকসমূহ নিশা মোকলাই দিয়াৰ অভেযোগৰ কথা বিভিন্ন সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পাছতেই ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে অবৈধভাৱে চুপাৰি কঢ়িয়াই অনা ট্ৰাকসমূহৰ বিৰুদ্ধে নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰিছে বুলিও এক খবৰ পোহৰলৈ আহিছে ৷ পাছে সেয়া কিমান দূৰ সত্য পিছলৈহে গম পোৱা যাব ৷ যদিহে সঁচাকৈয়ে অবৈধভাৱে চুপাৰি কঢ়িয়াই অনা ট্ৰাক সমূহৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে তেনেহলে তদন্ত প্ৰক্ৰিয়া কি ধৰণেৰে আগবাঢ়িব সেয়াও এক চিন্তনীয় বিষয় ৷
লগতে পঢ়কঃ স্বাস্থ্য বিভাগৰ ক’ভিড যোদ্ধাৰ প্ৰতি অমানৱীয় কাণ্ড !