অসম

assam

By

Published : Mar 14, 2021, 8:20 PM IST

ETV Bharat / state

অখিল গগৈৰ মুক্তি দাবী ড৹ সুনীলমৰ

কৃষক নেতা অখিল গগৈৰ ওপৰত ভূৱা গোচৰ জাপি দিয়া হৈছে । তেওঁক বন্দী কৰি ৰখাৰ কাৰণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত । ৰাজনৈতিক যুঁজত অৱতীৰ্ণ হোৱা অখিল গগৈক শিৱসাগৰবাসী ৰাইজে জয়ী কৰক- এই আহ্বান কৃষক নেতা ড৹ সুনীলমৰ ৷

অখিল গগৈক মুক্তিক বিশিষ্ট সমাজকৰ্মী-কৃষক নেতা ড০ সুনীলমৰ
অখিল গগৈক মুক্তিক বিশিষ্ট সমাজকৰ্মী-কৃষক নেতা ড০ সুনীলমৰ

গুৱাহাটী,১৪ মাৰ্চঃ কৃষক নেতা অখিল গগৈক শীঘ্ৰে মুক্তি দিয়াৰ আহ্বান জনাইছে দেশৰ বিশিষ্ট সমাজকৰ্মী তথা কৃষক নেতা ডঃ সুনীলমে । দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত আয়োজন কৰা এখন আলোচনা চক্ৰত অংশ লোৱা ডঃ সুনীলমে সংবাদ মাধ্যমৰ আগত অখিল গগৈক শীঘ্ৰে মুক্তি দিয়াৰ দাবী জনায় । সাংবাদিকৰ আগত ডঃ সুনীলমে কয়-"অখিল গগৈৰ স্বাস্থ্যৰ অৱস্থা ভাল নহয় । আজি আমি তেওঁক সাক্ষাৎ কৰিছিলো । তেওঁৰ ওপৰত মিছা গোচৰ জাপি দিয়া হৈছে । তেওঁক বন্দী কৰি ৰখাটো ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত । গণতন্ত্রত বিশ্বাস আছে যদি চৰকাৰে তেওঁক মুক্তি দিব লাগে । অখিল গগৈয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু প্ৰচাৰৰ বাবে তেওঁক সুবিধা দিব লাগে"।

অখিল গগৈৰ মুক্তি দাবী ড৹ সুনীলমৰ

গগৈয়ে দেশৰ বিভিন্ন আন্দোলনত অংশ লৈছে । এসময়ত অসমৰ গোলাপ বৰবৰাই দেশৰ বিভিন্ন প্ৰান্তৰ আন্দোলনত ভাগ লৈছিল । ডঃ সুনীলমে লগতে কয়- "প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে আমাক আন্দোলনজীৱি আখ্যা দিছে । অসম তথা অসমীয়াৰ হকে মাত মাতি অহা আন্দোলনজীৱি অখিল গগৈ নিৰ্বাচনত অৱতীৰ্ণ হৈছে । অসমীয়াৰ বাবে চলাই অহা সংগ্ৰামখনক অধিক শক্তিশালী কৰাৰ বাবে অখিল গগৈক নিৰ্বাচনত জয়ী কৰাব লাগে । আমি শিৱসাগৰলৈ যাম আৰু ৰাইজক সংবিধান-গণতন্ত্র ৰক্ষাৰ কথা কম" ৷

উল্লেখ্য যে, বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিক পৰাভূত কৰাৰ আহ্বানেৰে দেশৰ কেইবাগৰাকী বিশিষ্ট কৃষক নেতা অসম ভ্ৰমণলৈ আহিছে ।

লগতে পঢ়কঃযান-বাহন কৰ পৰিশোধৰ অন্তিম দিন ৩১ মাৰ্চ

ABOUT THE AUTHOR

...view details