গুৱাহাটী,31 জুলাইঃ নাৰেংগী আঞ্চলিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত যোৱা এমাহ ধৰি চলি আছিল গ্ৰীষ্মকালীন কৰ্মশালা ৷ মঙলবাৰে সফলভাৱে সামৰণী পৰে নাৰেংগী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ ৷ এই সামৰণী অনুষ্ঠানত উপস্থিত থাকে আছুৰ বিষয়ববীয়াৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা ৷
নাৰেংগীত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণী - আছু
মঙলবাৰে সামৰণী পৰিল নাৰেংগী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এমহীয়া গ্ৰীষ্মকালীন কৰ্মশালা ৷
![নাৰেংগীত গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণী](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3993943-285-3993943-1564516654293.jpg)
নাৰেংগীত সফল সামৰণী গ্ৰীষ্মকালীন কৰ্মশালাৰ
নাৰেংগীত সফল সামৰণী গ্ৰীষ্মকালীন কৰ্মশালাৰ
এই অনুষ্ঠানতে চিত্ৰাংকন, সত্ৰীয়া নৃত্য, আধুনিক নৃত্যত বিজয়ী প্ৰতিযোগীসকলক বঁটা প্ৰদান কৰাৰ লগতে মহাবিদ্যালয়খনৰ পৰা সু-খ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্দ্ধনা জনায় ছাত্ৰসন্থাৰ বিষয়ববীয়াই ৷ ইপিনে দহ গৰাকী দৰিদ্ৰ মেধাৱী ছাত্ৰ-ছাত্ৰীক সাহায্য প্ৰদান কৰাৰ লগতে তেওঁলোকৰ শিক্ষাদানৰ সকলো খৰচ বহন কৰাৰ দায়িত্ব গ্ৰহণ কৰে নাৰেংগী আঞ্চলিক ছাত্ৰ সন্থাই ৷