গুৱাহাটী, ১৫ জুলাই: দেওবাৰে মহানগৰীৰ শিলপুখুৰীস্থিত জিলা নামঘৰত গ্ৰীষ্মকালীন শিশু সমাৰোহ অনুষ্ঠিত হয় । শ্ৰীমন্ত শংকৰদেৱ সংঘ জিলা শাখা, শিশু আৰু আই মাতৃ কল্যান শাখা সমিতিৰ সৌজন্যত অনুষ্ঠিত হয় এই সমাৰোহ ৷
শিলপুখুৰী জিলা নামঘৰত গ্ৰীষ্মকালীন শিশু সমাৰোহ
সমাৰোহ উপলক্ষে শিশুসকলৰ মাজত ছবি অঁকা, নামঘোষা পাঠ, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ এই সমাৰোহত মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীয়ে ভাগ লয় ।
সমাৰোহ উপলক্ষে শিশুসকলৰ মাজত ছবি অঁকা, নামঘোষা পাঠ, আকস্মিক বক্তৃতা, কবিতা আবৃত্তি আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ এই সমাৰোহত মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীয়ে ভাগ লয় । অনুষ্ঠানখনত উদ্যোক্তা সকলে কয় যে প্ৰতিযোগিতাৰ মাজেৰে শিশুসকলক যাতে সমাজ খনলৈ আগবঢ়াই নিয়াৰ লগতে গুৰুজনাক যাতে পৰিচয় কৰাই দিব পাৰে সেই উদ্দেশ্যৰে এই প্ৰতিযোগিতা সমূহ অনুষ্ঠিত কৰা হয়৷ দেওবাৰৰ এই অনুষ্ঠান খনত বিভিন্ন শিতানত কৃতকাৰ্যতা লাভ কৰা শিশু সকলক মানপত্ৰৰে পুৰস্কৃত কৰা হয় ৷ অনুষ্ঠানত বিশিষ্ঠ বক্তা হিচাপে উপস্থিত থাকে প্ৰমোদ হালৈ, তৰনী সেন তালুকদাৰ লগতে শিশু বক্তা সাগৰীকা মেধি ৷