গুৱাহাটী, 12 আগষ্ট : স্বৰ্গদেউ চ্যুকাফাৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰা কলিকতাৰ তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীৰ গ্ৰেপ্তাৰৰ নিৰ্দেশনাক বাৰে বাৰে ভেঙুচালি কৰি আহিছে কলিকতা আৰক্ষীয়ে । শেহতীয়াকৈ কলিকতাৰ আৰক্ষী আয়ুক্তক কঠোৰ নিৰ্দেশ দিছে কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে । 27 আগষ্টৰ ভিতৰত গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰি গুৱাহাটীৰ আদালতত হাজিৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷
উল্লেখ্য যে, ইয়াৰ পূৰ্বে 24 জুন আৰু 3 জুলাইৰ ভিতৰত চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে । 24 জুনত মহানগৰ আৰক্ষীয়ে তথাকথিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীৰ গ্ৰেপ্তাৰী পৰোৱানা কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত জমা দিছিল । লগতে কলকাতা আৰক্ষীয়ে সহযোগিতা আগবঢ়োৱা নাই বুলিও অৱগত কৰিছিল আৰু বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছিল । কিন্তু, আদালতৰ নিৰ্দেশক অৱমাননা কৰি পৰোক্ষভাৱে গৰ্গ চেটাৰ্জীক সুৰক্ষা দি আহিছে কলকাতা আৰক্ষীয়ে ।