গুৱাহাটী, 26 ডিচেম্বৰ : আত্মহত্যাৰ ঘটনাই শিহৰিত কৰি তুলিছে মহানগৰবাসীক (Alarming rate of suicide incident in Guwahati) ৷ ক্ৰমান্বয়ে বাঢ়ি অহা আত্মহননৰ ঘটনাত শংকিত হৈ পৰিছে মহানগৰবাসী (Suicide Rate is Increasing in Guwahati) ৷ বৰ্তমান প্ৰজন্মৰ মাজত প্ৰায়ে শুনিবলৈ পোৱা যায় মানসিক হতাশগ্ৰস্ততাৰ কথা ৷ সেয়ে এই হতাশাৰ পৰা পৰিত্ৰাণৰ সহজ উপায় হিচাপে বহুতে বাচি লয় আত্মহত্যাৰ দৰে চৰম পথ ৷
কামৰূপ মহানগৰ আৰক্ষীয়ে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে যে, মহানগৰীত দৈনিক গড়ে এটাতকৈ অধিক আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ৷ কামৰূপ মহানগৰ আৰক্ষীয়ে চলিত বৰ্ষৰ পহিলা জানুৱাৰী পৰা 20 ডিচেম্বৰলৈ এটা সমীক্ষা চলাইছিল ৷ সমীক্ষাত প্ৰকাশ পোৱা মতে এই সময়ছোৱাৰ ভিতৰত মহানগৰীত 373 টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ৷
উদ্বেগজনকভাৱে বৃদ্ধি পাইছে আত্মহত্যাৰ ঘটনা ৷ চিন্তিত হৈ পৰিছে সচেতন মহল ৷ মহানগৰ আৰক্ষীৰ তিনিখন জিলা ক্ৰমে পশ্চিম আৰক্ষী জিলাত মুঠ 141 টা, পূৱ আৰক্ষী জিলাত মুঠ 127 টা আৰু কেন্দ্ৰীয় জিলাত মুঠ 105 টা আত্মহত্যাৰ ঘটনা সংঘটিত হোৱাৰ কথা উল্লেখ কৰে কামৰূপ মহানগৰ আৰক্ষীৰ যুটীয়া আয়ুক্ত পাৰ্থ সাৰথি মহন্তই ৷