গুৱাহাটী,২ নৱেম্বৰ:দেশৰ অন্যতম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান আই আই টিসমূহত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা বিষয়টোৱে বিগত সময়ছোৱাত বিশেষ চৰ্চা লাভ কৰিছে (Student commits suicide in IITs)। দেশৰ বিশ্ববিদ্যালয়সমূহতকৈ আই আই টিসমূহত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি পোৱা ঘটনাই বিশেষ তাৎপৰ্য বহন কৰিছে (suicide in IITs increased at India)। দেশৰ সংসদতো এই বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে ।
ইপিনে, দেশৰ আইআইটিসমূহত পঢ়াৰ চাপ সহিব নোৱাৰি শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ ঘটনা বৃদ্ধি পোৱাত আইআইটি কাউন্সিলো উদ্বিগ্ন হৈছে (IIT Council)। যোৱা বছৰ ২ ডিচেম্বৰত সংসদত মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে সদৰী কৰা এক তথ্য মতে, দেশৰ ২৩খন আই আই টিৰ ভিতৰত ১২খন আই আই টিত শিক্ষাৰ্থীৰ আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে ( Ministry of Human Resource Development)। ইয়াৰে শীৰ্ষ তালিকাত আছে আই আই টি গুৱাহাটী (Suicide case increased in Guwahati IIT)।
মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে সদৰী কৰা এক তথ্য মতে, যোৱা ৫ বছৰত দেশৰ ১২খন আই আই টিত ৫০ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছে । ইয়াৰে শীৰ্ষত থকা আই আই টি গুৱাহাটীৰ ১৪ গৰাকী শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লৈছে । পঢ়াৰ চাপ সহিব নোৱাৰি শিক্ষাৰ্থীয়ে আত্মহত্যাৰ দৰে চৰম পন্থা বাচি লোৱাৰ ঘটনা বৃদ্ধি পোৱাক লৈ উদ্বিগ্ন হৈ পৰা দেশৰ আইআইটিসমূহৰ সৰ্বোচ্চ নীতি নিৰ্ধাৰক আইআইটি কাউন্সিলে সেয়েহে আধাতে আইআইটি এৰি যাব খোজা ছাত্ৰ-ছাত্ৰীৰ বাবে দুবছৰীয়া ডিপ্ল'মা প্ৰদানৰ কথা বিবেচনা কৰিছে । জানিব পৰা মতে,আগন্তুক বৰ্ষৰ পহিলাতে এই সন্দৰ্ভত আইআইটি কাউন্সিলে গুৰুত্বপূৰ্ণ ঘোষণা কৰিব ।
উল্লেখ্য যে ২০১৯ চনতে আইআইটি কাউন্সিলে শৈক্ষিকভাৱে দুৰ্বল ছাত্ৰ-ছাত্ৰীৰ বাবে এক 'এগজিট অপছন'ৰ কথা চিন্তা কৰিছিল (Exit option of IIT) । ইয়াৰ বাবে এক ফর্মূলাও নিৰ্ধাৰণ কৰিছিল । সেই ফর্মূলা অনুসৰি কোনো ছাত্রই যদি আইআইটিত চাপ সহ্য কৰিব নোৱাৰি ওলাই যাব খোজে তেওঁলোকে দ্বিতীয় ষাণ্মাষিক সমাপ্ত কৰিয়েই বি এছ চিত ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ বিকল্প ঠিৰাং কৰিব পাৰিব । ষষ্ঠ ষাণ্মাষিক পর্যন্ত শিক্ষা সমাপ্ত কৰাৰ পাছত এজন আইআইটিয়ানে বি-টেকৰ পৰিৱৰ্তে বিএছচি ডিগ্রী লাভ কৰিব । তিনি বছৰ পূৰ্ব সেই চিন্তাতকৈ আৰু এখোজ আগবাঢ়ি বর্তমান আইআইটি কাউন্সিলে এইবাৰ আধাতে আইআইটি এৰিব খোজ ছাত্ৰ-ছাত্ৰীৰ বাবে চতুর্থ ষাণ্মাষিকতে দুবছৰীয়া ডিপ্ল'মা প্ৰদানৰ কথা বিবেচনা কৰিছে ।