অসম

assam

ETV Bharat / state

মহানগৰীত উচ্চ শিক্ষিত নৱবিবাহিতাই কৰিলে আত্মহত্যা - মালিগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত

এগৰাকী উচ্চ শিক্ষিত মহিলাৰ আত্মহত্যাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মহানগৰীৰ মালিগাঁও অঞ্চলত ৷ আৰক্ষীয়ে মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ কৰিছে এখন চিঠি ৷

suicide case  at guwahati
মহানগৰীত উচ্চ শিক্ষিত নৱবিবাহিতাই কৰিলে আত্মহত্যা

By

Published : Oct 1, 2020, 10:12 AM IST

গুৱাহাটী,1 অক্টোবৰঃ মহানগৰীৰ মালিগাঁৱত এগৰাকী নৱবিবাহিতাৰ আত্মহননৰ এক ৰহস্যজনক ঘটনা । বুধবাৰে স্বামী গৃহৰ নিজৰ কোঠাত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে মহিলাগৰাকীৰ মৃতদেহ। মৃত মহিলাগৰাকীৰ নাম জেৱাৰী ডেকা বুলি জানিব পৰা গৈছে। চিপ লৈ থকা অৱস্থাত প্ৰত্যক্ষ কৰি পৰিয়ালৰ লোকে ততাতৈয়াকৈ খবৰ দিয়ে আৰক্ষীক । ইয়াৰ পিছতে মালিগাঁও আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

মহানগৰীত উচ্চ শিক্ষিত নৱবিবাহিতাই কৰিলে আত্মহত্যা

ইফালে আৰক্ষীয়ে মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ কৰিছে এখন চিঠি ৷ বোৱাৰী গৰাকীৰ মৃত্যুৰ বাবে কোনো জগৰীয়া নহয় বুলি উল্লেখ কৰা আছে চিঠিখনত। এই খবৰটো বিয়পি পৰাৰ পিছতে অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ । উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত মালিগাঁৱৰ অংশুমান আলমান নামৰ যুৱকজনৰ লগত বিবাহপাশত আবদ্ধ হৈছিল ওডালগুৰিৰ জেৱাৰী ডেকাই । ৰাষ্ট্ৰীয় আইন মহাবিদ্যালয়ৰ গৱেষক ছাত্ৰী আছিল জেৱাৰী ডেকা।


লগতে পঢ়কঃ মালিগাঁৱত তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details