গুৱাহাটী, 26 জুন : হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলৰ হৰ্ষোল্লাসৰ মাজতে বৃহস্পতিবাৰে হঠাতে হুৱাদুৱা লাগে মহানগৰীৰ মাছখোৱাত ৷ মাছখোৱাৰ 7 নম্বৰ ৰে'ল গেটৰ জি. কে. টাৱাৰ নামৰ এটা প্ৰকাণ্ড অট্টালিকাৰ পৰা জাপ দি আত্মহত্যাৰ চেষ্টা চলাই এগৰাকী যুৱতীয়ে ।
মাছখোৱাত অট্টালিকাৰ পৰা জপিয়াই আত্মহননৰ চেষ্টা যুৱতীৰ
প্ৰায় তিনি ঘন্টাজোৰা শ্বাসৰুদ্ধকৰ অভিযানৰ পাছত অতি কৌশলেৰে যুৱতীগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে ।
মাছখোৱাত অট্টালিকাৰ পৰা জপিয়াই আত্মহনন চেষ্টা যুৱতীৰ
ঘটনা সংঘটিত হোৱাৰ সম্ভেদ লাভ কৰাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী তথা জৰুৰীকালীন সেৱাৰ দল উপস্থিত হয় যুৱতীগৰাকীক উদ্ধাৰৰ বাবে চেষ্টা চলায় ৷ প্ৰায় তিনি ঘন্টাজোৰা শ্বাসৰুদ্ধকৰ অভিযানৰ পাছত অতি কৌশলেৰে যুৱতীগৰাকীক উদ্ধাৰ কৰে আৰক্ষীয়ে । প্ৰেমিকৰ লগত হোৱা মতানৈক্যৰ বাবেই যুৱতীগৰাকীয়ে অট্টালিকাৰ পৰা জাপ দি আত্মহননৰ চেষ্টা চলোৱা বুলি জানিব পৰা হৈছে ।
লগতে পঢ়ক: নাওকটাত দুৰ্ঘটনাত পতিত ৰাজনৈতিক নেতাৰ বাহন