গুৱাহাটী, ১৯ এপ্ৰিল : আমি যদি মন কৰো এটা কথা খুব সহজভাৱে সকলোৰে দৃষ্টিগোচৰ হয় যে, আজিকালিৰ যুৱচাম অধিক হতাশাজনিত কাৰণত ভোগে ৷ বিভিন্ন ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰীৰে ঘেৰ খাই থকা এই যুৱ-প্ৰজন্মৰ হাতত নাই নিজৰ বাবে সময় ৷ পঢ়া-শুনা, চাকৰি-বাকৰি, ব্যৱসায় বা নিজৰ পেচাগত কাম কৰাৰ বাহিৰে তেওঁলোকৰ হাতত নাই নিজক চৰ্চা কৰাৰ সময় ৷ দেখা যায় যে তেওঁলোক খুব মানসিক চাপত ভোগে ৷
এজন মানুহৰ জীৱনত চাপ বিভিন্ন প্ৰকাৰৰ থাকিব পাৰে ৷ কিন্তু বেছিভাগ ক্ষেত্ৰতে মানুহে নিজক চম্ভালিব নোৱাৰা হয় মানসিক চাপত পৰি ৷ মানসিক চাপৰে সৈতে অন্তৰ্দ্বন্দত ভুগি বহু মানুহে শেষত বাছি লয়গৈ জীৱনৰ চৰম সিদ্ধান্ত ৷ শেহতীয়াকৈ এক সমীক্ষা পোহৰলৈ আহিছে যি সমাজৰ এক ভয়াৱহ প্ৰতিচ্ছবি দাঙি ধৰিছে ৷ দিনে দিনে ৰাজ্যত আত্মহননৰ ঘটনা বৃদ্ধি পাইছে । ৰাজ্যত বিগত ৭ বছৰত ১৮,৭৬৪ টা আত্মহননৰ ঘটনা সংঘটিত হৈছে (seven years suicide figures of Assam) ৷
চৰম হতাশাত ভুগি আত্মহননেই হৈ পৰে বহুতৰ বাবে মুক্তি পোৱাৰ একমাত্ৰ উপায় ৷ কিন্তু যি হাৰত এই প্ৰৱণতা বৃদ্ধি পাইছে ই সমাজৰ বাবে কঢ়িয়াইছে এক অশুভ বাৰ্তা ৷ উদ্বিগ্ন হৈ পৰিছে সচেতন মহল ৷ ৰাজ্যত বিগত ৭ বছৰত ১৮, ৭৬৪ টা আত্মহননৰ ঘটনা সংঘটিত হৈছে । বিধানসভাত প্ৰকাশ পোৱা তথ্য অনুসৰি ৰাজ্যত চলিত বৰ্ষত ২৮ ফেব্ৰুৱাৰীলৈ ২১১ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে ।